
newsnextone.com | দুলীয়াজানঃ ডিব্ৰুগড় জিলাৰ দুলীয়াজান বিধানসভা সমষ্টিৰ টেঙাখাতত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ ৰাজ্যৰ আন আন দল-সংগঠনৰ লগতে প্ৰধান বিৰোধী দল কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷
শুকুৰবাৰে টেঙাখাট টাউনত ব্ল’ক কংগ্ৰেছৰ উদ্যোগত এটি সমদল উলিয়াই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ টেঙাখাট টাউনৰ পৰা টেঙাখাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে চৰকাৰক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷
ব্ল’ক কংগ্ৰেছৰ সভাপতি সুশান্ত শইকীয়াই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনাই চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰা বুলি কয়।
অসমৰ মানুহে অসমৰ বাবে এই আইন ভয়াবহ আৰু জাতিৰ বাবে অস্তিত্ব স্বৰূপ হৈ পৰিব বুলি কৈ প্ৰতিবাদ কৰি আহিছে৷ গণস্বাক্ষৰ, ধৰ্ণা, অৱস্থান, ৰাজহুৱা সভা, প্ৰতিকৃতি দাহ আদি কাৰ্যসূচী ৰূপায়ন কৰি প্ৰবল জনমত গঠন কৰিছে৷ দল-সংগঠন সকলোৱে সমান প্ৰতিবাদ অব্যাহত ৰাখিছে৷ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ আহ্বান মৰ্মে ডিব্ৰুগড় জিলা কংগ্ৰেছে গণ স্বাক্ষৰ আৰু প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ অব্যাহত ৰাখিছে৷