ৰঙিয়াঃ সৰ্বভাৰতীয় কংগ্ৰেছৰ সৰ্বোচ্ছ পদত যুৱৰাজ ৰাহুল গান্ধী৷ দেশৰ কংগ্ৰেছ নেতা-কৰ্মীৰ যেন গাঁ সাত খন আঁঠ খন৷ যুৱ ৰাজে দলৰ নেতৃত্ব পোৱাৰ লগে লগে কংগ্ৰেছীয়ে যেন উভতি পাইছে শক্তি৷ সোমাবৰে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ৰঙিয়াৰ কংগ্ৰেছ কৰ্মীৰ ৰাহুল গান্ধীক আদৰণী জনাই৷

ৰঙিয়া ব্লক, নগৰ ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত ৰঙিয়া ৰাজীৱ ভৱন প্ৰাংগনত নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ নৱ নিৰ্বাচিত সভাপতি ৰাহুল গান্ধীক মানৱ শৃংখল উলিয়াই আদৰণী জনাই।

কামৰূপ জিলা কংগ্ৰেছ সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা উপস্থিত থকাৰ উপৰি ৰঙিয়া ব্লক কংগ্ৰেছৰ সভাপতি তাৰিফুল ইছলাম, নগৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰবীন শইকীয়া, ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী প্ৰনিতা কলিতা, যুৱ নেতা মুৰতাজ আহমেদ, দিপু ডেকাৰ লগতে কেইবা শতাধিক দলীয় কৰ্মী অংশগ্ৰহণ কৰে।

আদৰণী সভাত অসম গণ পৰিষদ আৰু এআইইউডিএফৰ পঞ্চায়ত পৰ্যায়ৰ কেইবাজনো নেতাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ওপৰত আস্থা ৰাখি জিলা কংগ্ৰেছৰ সভাপতি ঘনশ্যাম কলিতাৰ উপস্থিতিত কংগ্ৰেছ দলত  যোগদান কৰে।