
জাজৰিঃ নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৩ ডিচেম্বৰৰপৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় গণিত দিৱসৰ সামৰণি পৰে।
সোমবাৰৰ দিনটোৰ মূল কাৰ্যসূচী কেন্দ্ৰীয় সভাত অংশগ্ৰহণ কৰি বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা পৰিষদৰ মুখ্য বিজ্ঞানী ড° আৰ কে বৰ্মনে গণিতজ্ঞ ৰামানুজ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।
ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজু বৰদলৈয়ে গণিত বিষয়টো ছাত্র-ছাত্রীসকলৰ বাবে কেনেকৈ সহজ হ'ব পাৰে, সেই ক্ষেত্রত শিক্ষাগুৰুসকলৰ দ্বায়িত্ব সম্পৰ্কত এক মনোগ্ৰাহী তথা ৰসাল বক্তব্য প্ৰদান কৰে।
সভাত উপস্থিত থাকি নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অনন্ত গগৈয়ে ছাত্র-ছাত্রী সকলক গণিত বিষয়টোৰ প্ৰতি অৱহেলা নকৰি অধিক অনুশীলনেৰে গুৰুত্ব দি অধ্যয়ন কৰিবলৈ আহ্বান জনোৱাৰ লগতে নিজৰ মাতৃভূমিক উজ্বলাই তুলিবলৈ আহ্বান জনায়।
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক বিপুল ৰাজকুমাৰে শলাগৰ শৰাই আগবঢ়োৱা সভাত অৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সম্বন্বয়ক কিশোৰ কুমাৰ দেৱ, কুজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ বিষয় শিক্ষয়িত্রী ৰূপজ্যোতি দুৱৰাইও ভাষণ প্ৰদান কৰে।
এই সভাতে ২৩ ডিচেম্বৰত অনুষ্ঠিত বিজ্ঞান কুইজ আৰু নমুনা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰে। বিজ্ঞান কুইজ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান ক্ৰমে শংকৰদেৱ বিদ্যা নিকেতন (হাতীচোং ), এছ টি ৰৱাৰ্ট হাইস্কুল (কলিয়াবৰ, ৰাঙলু ) আৰু শংকৰদেৱ বিদ্যা নিকেতন (হাতীচোং) আৰু নমুনা প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান পায় ক্ৰমে নগাঁও চৰকাৰী বালক বিদ্যালয়, ডন বক্স স্কুল ( মিছা) আৰু এছ টি ৰৱাৰ্ট হাইস্কুল (কলিয়াবৰ, ৰাঙলু )।
লক্ষ্যনীয় ভাৱে প্ৰতিযোগিতাসমূহত এখন বিদ্যালয়ৰ বাদে বাকী পাঁচোটা পুৰস্কাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে পোৱাত চৰকাৰি বিদ্যালয়ৰ শৈক্ষিক দিশ কিমান উন্নত তাৰেই প্ৰতিচ্ছবি দাঙি ধৰিছে।