
newsnextone.com | নগাঁওঃ পুনৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে ৰাজ্যৰ ৭ সহস্ৰাধিক ঠিকাভিত্তিক শিক্ষক৷ শিক্ষাদানৰ নামত দিনৰ দিনটো ব্যস্ত থাকি কেইটামান টকা লাভ কৰা ঠিকাভিত্তিক শিক্ষকে পৰিয়াল চলাব নোৱাৰি হাহাকাৰ কৰিব লগীয়া হোৱাক পুনৰ চৰাকৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে৷
২০১০ চনৰ আগষ্টত ৰাজ্যখনৰ প্ৰাদেশীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত মেধাৰ ভিত্তিত নিযুক্তি লাব কৰা প্ৰায় ৭ সহস্ৰাধিক ঠিকাভিত্তিক শিক্ষকে ৰাজ্য চৰকাৰ চৰম অৱহেলাৰ বলি হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ যাৰ পৰিণতিত চাকৰিক লৈ এক অনিশ্চিত ভৱিষ্যতৰ দিশে অগ্ৰসৰ হোৱাত চৰম হতাশাত ভূগিবলগীয়া হৈছে ঠিকাভিত্তিক শিক্ষকে৷
স্মৰ্তব্য, ২০১০ বৰ্ষত এখন উচ্চস্তৰীয় সমিতিৰ দ্বাৰা নিৰ্বাচিত কৰি ৰাজ্যৰ হাইস্কুল সমূহত গুণগত মান অধিক উন্নত আৰু সুস্থিৰ কৰি তোলাৰ মানসেৰে ইংৰাজী, সাধাৰণ বিজ্ঞান, গণিত আৰু বিজ্ঞান বিষয়ৰ বাবে নিযুক্তি দিয়া ঠিকাভিত্তিক শিক্ষকসকলক লৈ যেন এতিয়া তিলমানো উদ্বিগ্ন নহয় শিক্ষা বিভাগ, চৰকাৰ৷ সম্পূৰ্ণ নিষ্ঠা আৰু দায়িত্বসহকাৰে সেৱা আগবঢ়াই অহা শিক্ষকসকলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সময়ে সময়ে দেখুৱাই অহা চূড়ান্ত অৱহেলাৰ কথা উপলব্ধি কৰি শৈক্ষিক মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ উদ্ভৱ হোৱা দেখা গৈছে৷
বিগত মাৰ্চ মাহৰ পৰাই আজিকোপতি এইসকল ঠিকাভিত্তিক শিক্ষকে লাভ কৰা নাই মাহিলী বেতন৷ ফলস্বৰূপে এইসকলৰ পৰিয়াললৈ চৰম দুৰ্দশা নামি অহাৰ লগতে পানীত হাঁহ নচৰাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে৷ প্ৰকাশ যে, ২০১০ চনৰে পৰা নানা দুখ-দুৰ্গতি তথা চৰম অনিশ্চয়তাৰ মাজেৰে বহু কষ্টৰে নিজৰ দায়িত্ব পালন কৰি অহা ঠিকাভিত্তিক শিক্ষকে পৰিৱৰ্তনৰ শ্ল’গানেৰে ৰাজ্যৰ শাসনভাৰ দখল কৰা বিজেপি, অগপ আৰু বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰখনে চাকৰি নিশ্চয়তাৰ ক্ষেত্ৰত এক পদক্ষেপ গ্ৰহণ কৰিব বুলি বহু আশা কৰিছিল৷
বৰ্তমানে এই চৰকাৰখনে দুটাকৈ বছৰ অতিক্ৰম কৰাৰ পিছতো এইক্ষেত্ৰত কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰাত এতিয়া এইসকল শিক্ষকে চৰম হতাশাত দিন পাৰ কৰিব লগা হৈছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে যোৱা দুটা বছৰত পূৰ্বৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুবাৰকৈ সংবাদমেল অনুষ্ঠিত কৰি ঠিকাভিত্তিক এইসকল শিক্ষকৰ মাহিলী বেতন ১৫,৫০০ টকাৰ পৰা ২০,০০০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ বিপৰীতে বৰ্তমান নতুনকৈ শিক্ষা বিভাগৰ দায়িত্ব লাভ কৰা সিদ্ধাৰ্থ ভট্টাচাৰ্যই ঠিকাভিত্তিক শিক্ষকৰ বেলিকা কোনো পদক্ষেপ গ্ৰহণ কৰা দৃষ্টিগোচৰ হোৱা নাই৷
শিক্ষা বিভাগে এইসকল শিক্ষকৰ প্ৰতি দেখুওৱা চৰম অৱহেলা আৰু উদাসীনতাক লৈ ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে৷ বিনাচৰ্তে চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী উত্থাপন কৰি শীঘ্ৰে বিষয়টোত কোনো গুৰুত্ব আৰোপ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে৷