ধিংঃ সভাপতিৰ ১২ বছৰীয়া পুত্ৰৰ নামত আছে চৰকাৰী আৱাস যোজনাৰ গৃহ৷ এই অভিযোগ উত্থাপন কৰিছে বটদ্ৰৱা উন্নয়ন খণ্ডৰ চহৰীয়া পঞ্চায়তৰ অন্তৰ্গত ৰাইজৰ৷ নগাঁও জিলাৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ চহৰীয়া পঞ্চায়তৰ  সভাপতি, জি আৰ এছ, কনিষ্ঠ অভিযন্তা, চি এছ পিয়ে মিলি জালিয়াতিৰে দৰিদ্ৰ হিতাধিকাৰীলৈ আবন্টিত বহু আই এ ৱাই গৃহৰ ধন আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে। পঞ্চায়তৰ সভাপতিয়ে জালিয়াতিৰে আৰু ভুল ঠিকনাৰে নিজৰ ১২ বছৰীয়া পুত্ৰ সন্তানৰ নামতো আই এ ৱাই গৃহ আবন্টনৰ অভিযোগ উঠিছে৷

পঞ্চায়তৰ গৃহ আবন্টনক লৈ সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাত ইতিমধ্যে স্থানীয় ৰাইজে চহৰীয়া পঞ্চায়তৰ  সভাপতি, জি আৰ এছ, কনিষ্ঠ অভিযন্তা আৰু চি এছ পিৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰণ শাখাত লিখিত অভিযোগ দাখিল কৰিছে৷ প্রাপ্ত অভিযোগ আৰু তথ্য অনুসৰি, চহৰীয়া গাঁওপঞ্চায়তত দৰিদ্র হিতাধিকাৰীৰ নামত বিগত ২০১৫-১৬ বৰ্ষত সৰ্বমুঠ ৫৭ টা আই এ ৱাই গৃহ আবন্টন হৈছিল। ই

য়াৰ ভিতৰত চহৰীয়া গাঁওপঞ্চায়তৰ অন্তৰ্গত ১০ নম্বৰ ৱাৰ্ড তথা ধুপগুৰী কছাৰী গাঁৱত মুঠ ৯ জন দৰিদ্র হিতাধিকাৰীৰ নামত ৯ টা আই এ ৱাই গৃহ আবন্টন হৈছিল। কিন্তু উক্ত ৯ জন হিতাধিকাৰীৰ ভিতৰত পৰা মাত্ৰ চাৰিজন হিতাধিকাৰীয়ে হে চৰকাৰী আই এ ৱাই গৃহ লাভ কৰিবলৈ সক্ষম হৈছে আৰু বাকী পাঁচ গৰাকী হিতাধিকাৰীৰ চৰকাৰী আই এ ৱাই গৃহৰ সম্পূৰ্ণ ধন জালিয়াতিৰে পঞ্চায়ত সভাপতি আতাবুৰ ৰহমান, জি আৰ এছ আব্দুল ৰাশিদ, অসম গ্রামীন বিকাশ বেংকৰ ধিং শাখাৰ অন্তৰ্গত শলগুৰী গাঁওপঞ্চায়তৰ এলেকাধীন চি এছ পিৰ ভাৰপ্রাপ্ত পৰিচালক আমিৰু জামানে দুৰ্নীতিৰে আত্মসাৎ কৰে।

এটা ৱাৰ্ডতেই পাঁচটাকৈ আই এ ৱাই গৃহৰ নামত আৱন্টিত মুঠ ৩,৭৫০০০ হেজাৰ টকা আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে। উল্লেখ্য যে, চহৰীয়া গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ড তথা ধুপগুৰী কছাৰী গাঁৱত বিগত ২০১৬/১৭ বৰ্ষত ভোগেশ্বৰ বসুমতাৰী আই ডি নং (৬০৭৪৩), মিনতী ভাগলাৰী আই ডি (৬০৭৫২), জানেন্দ্র বসুমতাৰী আই ডি (৬০৭৬০), কোৱেশ্বৰ দৈমাৰী আই ডি (৩৮৬৬) আৰু বিজয় ভাগলাৰী আই ডি (৬০৭৪১) এই সকলৰ নামত চৰকাৰী আই এ ৱাই গৃহ আবন্টন হৈছিল।

আচৰিত ভাবে পঞ্চায়তটোৰ দুৰ্নীতিপৰায়ণ সভাপতি, জি আৰ এছ আৰু চি এছ পিৰ ভাৰপ্রাপ্ত পৰিচালকে উক্ত পাঁচোটাকৈ আই এ ৱাই গৃহৰ সম্পূৰ্ণ ধন জালিয়াতিৰে আত্মসাৎ কৰিছে। গৃহৰ পৰা বঞ্চিত এই সকল দৰিদ্র হিতাধিকাৰীয়ে এই বিষয়ে মাত্ৰ অলপদিনৰ আগতে জানিব পাৰিছে।  

দুৰ্নীতি পৰায়ণ সভাপতি আতাবুৰে বিগত সময়ত জালিয়াতিৰে নিজৰ পৰিয়ালৰ লোকৰ নামত কেইবাটাও আই এ ৱাই গৃহৰ ধন জালিয়াতিৰে আত্মসাৎ কৰা বুলিও গুৰুত্বৰ অভিযোগ উখাপিত হৈছে। ইতিমধ্যে ইয়াৰ তদন্তকাৰী বিষয়া হিচাপে নগাঁও জিলাৰ প্রশাসনে ইয়াৰ তদন্ত আৰম্ভ কৰিছে।

এই ঘটনাই বটদ্ৰৱা সমষ্টিকে ধৰি সমগ্ৰ নগাঁও জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চহৰীয়া পঞ্চায়তৰ ৰাইজে এই সকলো দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে এটা উচ্চ পৰ্য্যায়ৰ তদন্ত কৰি এই ঘটনাৰ লগত জড়িত সকলো দোষীক অতি শীঘ্রে উচিত শাস্তি দিব লাগে বুলি চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

আনহাতে বৰ্তমানৰ পৰিবৰ্তনকামী চৰকাৰখনে এই সকল দুৰ্নীতি পৰায়ণ নেতা-বিষয়াক নাকী লগাব পাৰিবনে বুলি একাংশ স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে৷