
বঢ়মপুৰঃ নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰূপহী উন্নয়ণ খণ্ডৰ বিডিঅ’ গদাধৰ কলিতাৰ বিৰুদ্ধে এগৰাকী বিজেপি নেতাই গোচৰ ৰুজু কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই এইবাৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ বিষয়া উপস্থিত হোৱাত পুনৰ চাঞ্চল্যৰ সৃষ্টি হয়৷
নগাঁও জিলাৰ ৰূপহীহাটৰ গেৰেকী পঞ্চায়তত সংঘটিত MGNREGA-ৰ ব্যাপক দুৰ্নীতিৰ অনুসন্ধানৰ বাবে দুই বিষয়া উপস্থিত হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হয়৷ গেৰেকী পঞ্চায়তত সংঘটিত ব্যাপক দুৰ্নীতিৰ তদন্ত কৰাৰ বাবে সোমবাৰে পঞ্চায়তখনত উপস্থিত হয় মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দুই বিষয়া৷
উল্লেখ্য যে, গেৰেকী পঞ্চায়তৰ সভাপতি আবুল কালামে পথ নিৰ্মাণ আৰু খেলপথাৰ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে৷ পঞ্চায়তৰ ধন আত্মসাৎ কৰাৰ সন্দেহত স্থানীয় ৰাইজে আবুল কালামৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী উত্থাপন কৰিছিল৷ সোমবাৰে দুই বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে, ২০১৪-১৫ বিত্তীয় বৰ্ষত গেৰেকী পঞ্চায়তত এখন খেলপথাৰ আৰু এটা ৰাস্তা নিৰ্মাণৰ বাবদ বৃহৎ পৰিমাণৰ ধন মুকলি হোৱাৰ পিছতো একে কেইটা কামৰ বাবে পিছৰ বছৰত পুনৰ ধন আবন্টিত হৈছিল৷