জোনাইঃ ৰক্ষকেই এতিয়া ভক্ষক৷ ৰাইজৰ বাবে কাম কৰাৰ সুবাদতে আৰু একাংশ বিষয়া কৰ্মচাৰীৰ গুৰুত্বহীনতাৰ সুযোগ লৈ এতিয়া একাংশ ভণ্ড সমাজকৰ্মী আৰু বিষয়াই হৰণ কৰিছে ৰাইজৰ প্ৰাপ্য৷

ধেমাজি জিলাৰ জোনাই মূৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ড কাৰ্য্যালয়ৰ খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে বলিষ্ঠ ভূমিকা গ্ৰহণ নকৰাৰ সুযোগতে একাংশ কনিষ্ঠ অভিযন্তা, পঞ্চায়ত সচিব আৰু প্ৰতিনিধিয়ে মিলি গ্ৰামোন্নয়ন আঁচনিৰ দুৰ্নীতিৰ বজাৰ মেলিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টন, বিল মোকলাই দিয়া তথা অন্যান্য আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত স্বজন তোষণৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে।

যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি আৰ্থিক ভাৱে স্বচ্ছল আৰু আগৰ পৰাই পকী ঘৰ থকা, হাৰ্ডৱেৰ, গেলামাল, কাপোৰ দোকানী আদিক গৃহ আবন্তন দি দৰিদ্ৰ শ্ৰেনীক প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে একাংশ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে৷

ৰাইজৰ অভিযোগ মতে লাইমেকুৰী গাঁও পঞ্চায়তৰ হাৰ্ডৱেৰ তথা গেলামাল দোকানৰ গৰাকী বিজয় চাহুৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা গৃহ আবন্তন কৰা হৈছে যদিও বিজয় চাহুৰ নামত পঞ্চায়তখনৰ অধীনত কোনো ম্যাদি মাটি নাই।

আনহাতে জোনাই বজাৰ পঞ্চায়তৰ অন্তৰ্গত নিখিল দাস নামৰ ব্যক্তিজন এখন বৃহৎ কাপোৰ দোকান আৰু পকী ঘৰৰ গৰাকী হোৱাৰ পিছতো কেনেকৈ গৃহ আবণ্টন পাবলৈ সক্ষম হ’ল সেই লৈ সাধাৰণ ৰাইজৰ মনত প্ৰশ্নৰ উদয় হৈছে৷ ৰাইজৰ অভিযোগ মতে পি এম এ ৱাই গৃহ আবণ্টন আৰু বিল মোকলাই দিয়াৰ বাবদ কনিষ্ঠ অভিযন্তা, পঞ্চায়ত সচিব, প্ৰতিনিধি আৰু কম্পিউটাৰ সহায়ক আদিয়ে মিলি হিতাধিকাৰীৰ পৰা ৩০০০ টকাৰ পৰা ৫০০০ হেজাৰ টকাকৈ উৎকোচ সংগ্ৰহ কৰে৷

বিষয়া-কৰ্মচাৰীৰ দুৰ্নীতিত অতিষ্ঠ হৈ সাধাৰণ ৰাইজে উৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে।