
কামপুৰঃ নগাওঁ জিলাৰ কঠিয়াতলী সমবায় সমিতিত সংঘটিত হৈছে ব্যাপক বিত্তীয় খেলিমেলি। এই অভিযোগ উত্থাপন কৰে সমবায়খনৰ অন্তৰ্গত স্থানীয় ৰাইজে৷ সমবায়খনৰ পৰা অপসাৰিত সম্পাদক লিয়াকত আলিৰ বিৰুদ্ধে সমবায়খনৰ ধন আত্মসাতৰ লগতে বিভিন্ন খেলিমেলি কৰাৰ অভিযোগ উঠিছে৷
জানিব পৰা মতে, কঠীয়াতলী সমবায় সমিতিৰ সম্পাদক লিয়াকত আলিয়ে ব্যাপক অনিয়ম সংঘটিত কৰিছে সমবায় খনত। সম্পাদক জনে ২০১৫-২০১৬ বৰ্ষত কঠিয়াতলী সমবায় সমিতি খনৰ চৰকাৰী হিচাপ মাত্ৰ ৫৪৫.১০ টকাহে বেংকত জমা দেখুৱাই বাকী টকাৰ কোনো তথ্য উল্লেখ কৰা নাই।
উল্লেখ্য যে, সমবায় খনত চলাই যোৱা বিত্তীয় খেলি মেলিৰ কাৰণে ইতিপূৰ্বে লিয়াকৎ আলিক সম্পাদক পদৰ পৰা অপসাৰণ কৰিছে। সমিতিৰ অভিযোগ সম্পাদক লিয়াকত আলিয়ে প্ৰায় ১০ লাখ টকাৰ কোনো হিচাপ দাখিল কৰা নাই। ইতিমধ্যে সম্পাদক জনৰ বিৰুদ্ধে কেইবাটাও গোচৰ পঞ্জীভুক্ত হৈ আছে আৰক্ষী থানাত।
ইফালে সমবায় খনৰ সম্পাদক লিয়াকৎ আলিয়ে সমগ্র ঘটনা ভিত্তিহীন বুলি মন্তব্য কৰে। উল্লেখ্য যে সমবায় খনত চলি থকা বিত্তীয় খেলিমেলি আৰু এই অনিয়মৰ এক উচিত তদন্ত দাবী কৰিছে স্থানীয় ৰাইজে।