গোগামুখঃ বিজেপি, অগপ আৰু বিপিএফ নেতৃত্বাধীন ৰাজ্য চৰকাৰে দুৰ্নীতি নিৰ্মূলৰ বাবে বিভিন্ন পদক্ষেপ লৈ আহিছে যদিও বিষয়া-কৰ্মচাৰীয়ে এই পদক্ষেপক ভ্ৰক্ষেপ কৰেনে? 

ৰাজ্য চৰকাৰখনৰ দুৰ্নীতি নিৰ্মূলৰ পদক্ষেপক বুঢ়া আঙুলি দেখুৱাই আহিছে ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে৷

ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত জয়ৰামপুৰ গাঁও পঞ্চায়তৰ কনিষ্ঠ অভিযন্তাই আঁচনিৰ ধন মোকলাই দিয়াৰ নামত ২০০০ টকা বিচৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷

টকা দিবলৈ অমান্তি হোৱাত অভিযন্তা সোণোৱালে প্ৰহাৰ কৰে ৰমেশ সিঙক৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটি আবাস গৃহ লাভ কৰে ৰমেশ সিঙে।

অতি দৰিদ্ৰ হিতাধিকাৰীগৰাকীয়ে ২০০০ টকা দিবলৈ অমান্তি হোৱাত ঘৰৰ সন্মুখতে প্ৰহাৰ কৰে অভিযন্তাগৰাকীয়ে। সিঙে অভিযন্তাগৰাকীৰ বিৰুদ্ধে ধেমাজি জিলাৰ গোগামুখ আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে।