বিহপুৰীয়াঃ লখিমপুৰত প্ৰায় দুই কিল’গ্ৰাম নকল সোন সহ আটক হ’ল এহাল পুৰুষ-মহিলাৰ লগতে এটি কণমানি শিশু৷ গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত ভাটিপাৰা বহতিৰ আব্দুল ৰহমান মণ্ডল আৰু এটি কনমানি শিশু সহ চিধাবাৰীৰ লাক্সমিৰি চাওমা নামৰ এগৰাকী মহিলাক যোৱা নিশা বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য পাতৰে এক অভিযান চলাই কৰায়ত্ব কৰে৷

জানিব পৰা মতে, বঙালমৰাৰ প্ৰবঞ্চকৰ দলৰ পৰা নকল সোনৰ বিস্কুত ক্ৰয় কৰি উভটি যাওঁতে আৰক্ষীৰ জালত পৰে পুৰুষ মহিলা দুগৰাকী৷ প্ৰবঞ্চকৰ দলৰ বিৰুদ্ধে বৰ্তমান বিহপুৰীয়া আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷

ইপিনে বঙালমৰাৰ নকল সোনৰ ব্যৱসায় পৰিচালনা কৰা মফিজ্জুদ্দিনক গ্ৰেপ্তাৰ কৰি বঙালমৰাৰ পৰা দুষ্ট চক্ৰটোক উৎখাটৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷

উল্লেখ্য যে, লখিমপুৰৰ বঙালমৰা অঞ্চলৰ বহু কেইটা প্ৰবঞ্চকৰ দলে ৰাজ্যৰ লগতে বহিঃৰাজ্যৰো বহুলোকক নকল সোন আৰু জাল নোট প্ৰদানেৰে প্ৰবঞ্চনা কৰি লাখ লাখ টকাৰ ব্যবসায় কৰি আহিছে৷

আৰক্ষীয়ে মাজে সময়ে প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও আৰক্ষীয়ে অপৰাধী চক্ৰটোক উৎখাত কৰিবলে সক্ষম হোৱা নাই৷