roman
roman

দিচাংমুখঃ শিৱসাগৰ জিলাৰ বনিয়াবাৰীত শনিবাৰে ৰাইজে আবদ্ধ কৰিলে এহাল পুৰুষ মহিলাক। অসামাজিক কাৰ্যত লিপ্ত এহাল পুৰুষ মহিলাক আবদ্ধ কৰি ৰাইজে আৰক্ষীক গতাই দিয়ে। ঘটনা অনুসৰি শিৱসাগৰ বনিয়াবাৰী অঞ্চলত কুটুব চান্দ আলি নামৰ এগৰাকী ব্যক্তিৰ ভাড়াঘৰত বিগত কেইবাদিন ধৰি অসামাজিক কাম সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল।

শনিবাৰে সন্ধিয়া অঞ্চলটোৰ লোকে কুটুব চান্দৰ ঘৰত অসামাজিক কৰ্ম-কাণ্ড সংঘটিত হৈ থকাৰ সন্দেহ কৰি কুটুব চান্দৰ ভাড়াঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰাত ভিতৰত এহাল পুৰুষ মহিলাক অসামাজিক কামত লিপ্ত থকা প্ৰত্যক্ষ কৰে৷ ইয়াৰ পাছতেই অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়৷

এগৰাকী মহিলাৰ সতে নহীৰুল হুচেইন নামৰ ৪৫ বছৰীয়া লোকজনে এক নিৰ্লজ্জ কৰ্মত লিপ্ত হৈ থকা দেখি স্থানীয় ৰাইজে লোকজনক প্ৰহাৰ কৰিবলৈ উদ্যত হৈ পৰে৷ কিন্তু সেই সময়তে ঘটনাস্থলীত আৰক্ষী বাহিনী উপস্থিত হৈ ৰাইজৰ মাজৰ পৰা লোকজনক উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায়৷

নহীৰুল হুছেইন এজন তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে৷