গুৱাহাটীঃ আজি চি পি অাই এমে ৰাজ্যৰ ভিন্ন স্থানত লোকসভা অাৰু বিধানসভাৰ ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম ৰাজ্যিক চি পি অাই এমৰ আহ্বান মৰ্মে ৰাজপথলৈ ওলাই আহে নেতা-কৰ্মী৷

হাতে হাতে লাল পতাকা, প্লেকাৰ্ড, বেনাৰ লৈ ওলাই অহা পুৰুষ মহিলাই লোকসভা অাৰু বিধানসভাৰ ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ দাবী জনায়৷ গোৰেশ্বৰ, সৰভোগ, ৰঙিয়া আদি ঠাইৰ লগতে দীঘলীপুখুৰী পাৰতো বাওপন্থী দলটোৱে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।

চৰকাৰে মহিলাৰ অাসন সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন কথা কৈ অাহিছে যদিও বাস্তব ক্ষেত্ৰত নাৰীৰ প্ৰতিনিধিত্ব উদ্বেগজনকভাৱে কমি অহা বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে। সংবিধানৰ ৯৩ অাৰু ৯৪ সংখ্যক সংশোধনীৰ জৰিয়তে পঞ্চয়ত অাৰু নগৰ পালিকাসমূহতো মহিলাৰ বাবে এক তৃতীয়াংশ অাসন সংৰক্ষনৰ ব্যৱস্থা গ্ৰহনৰ দাবী জনায় প্ৰতিবাদস্থলীৰ পৰা৷

কেৱল মাত্ৰ বাওপন্থী চৰকাৰ তথা ২০০৮ চনত পোন প্ৰথমবাৰৰ বাবে পশ্চিমবংগৰ তেতিয়াৰ বাওপন্থী চৰকাৰে পঞ্চায়তৰ ৫০ শতাংশ অাসন মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা বুলি দাবী কৰে। বৰ্তমানৰ বি জে পি চৰকাৰে এই বিষয়ত কোনো ধৰণৰ পদক্ষেপ নোলোৱাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।

২০১০ চনতে ৰাজ্যসভাত মহিলাৰ বাবে অাসন সংৰক্ষণৰ বিল গৃহীত হোৱাৰ পিছতো কাৰ্যকৰী নোহোৱাৰ বাবে ম্যাদ উকলি যোৱাত পৰৱৰ্তী সময়ত কোনো ব্যৱস্থা নোলোৱাত ক্ষোভিত হৈ পৰে দলটো৷ শীঘ্ৰে এখন অাইন প্ৰণয়নৰ দাবীত অাজি দলটোৱে দেশজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।