বঢ়মপুৰঃ গাঁৱৰ হোজা কৃষকৰ ধৈৰ্য্যৰ বান্ধ ছিঙিলে পৰিস্থিতি ভয়াবহ হোৱাৰ অলেখ উদাহৰণ আছে৷ মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, কৰ্ণাটকৰ কৃষকে দেশৰ চৰকাৰক শলঠৈকত পেলাই দিল্লীত নানা ভংগীমাৰে প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷

ইমানে নহয় মধ্য প্ৰদেশৰ কৃষকে গাঢ়ী মটৰ জলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ তাৰ মাজতে ৰাজ্যৰ এটি চৰকাৰী কাৰ্যালয়ত ক্ষোভিত একাংশ কৃষকে হাতত এচাৰি, কোৰ টাঙোণ লৈ উপস্থিত হোৱাত চৰকাৰী বিষয়ী-কৰ্মচাৰীৰ মাজত তীব্ৰ আশংকাৰ সৃষ্টি হৈছে৷

নগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰবাৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আজি হাতত এচাৰি, কোৰ, টাঙোণলৈ ক্ষোভিত কৃষক আহি উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ বিগত সময়ত পঞ্চায়তটোত চলি অহা দুৰ্নীতিৰ বিৰুব্ধে খণ্ড উন্নয়ন বিষয়াক অৱগত কৰে যদিও বিষয়াগৰাকিয়ে গুৰুত্ব আৰোপ নকৰাত উপায়ন্তৰ হৈ ক্ষোভিত কৃষক সকলে পঞ্চায়ত কৰ্যালয়টোত ৰুদ্ৰমুৰ্ত্তী ধৰি উপস্থিত হৈ তলা ওলোমাই।

পঞ্চায়তটোত সীমাহীন দুৰ্নীতি আৰু অৰাজকতাৰ বাবে সমষ্টীটোৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ নিৰ্লিপ্ততাৰ বাবেও ক্ষোভ ব্যক্ত কৰে। পঞ্চায়তটোৰ সদস্যসকল অগপ দলৰ হোৱাৰ বাবে কোনো ধৰনৰ ব্যৱস্থা নলয় বুলিও কয় প্ৰতিবাদকাৰীসকলে। বঢ়মপুৰ খণ্ড উন্নয়ন বিষয়া আৰু বৰবাৰি পঞ্চায়তৰ প্ৰতিনিধিসকলৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোৰে কাৰ্যালয় চৌহদ৷