ধনশিৰিঃ ৰাজ্য খনৰ প্রায় ৮০ শতাংশ লোকেই কৃষি কর্মৰ সৈতে জড়িত৷ ৰাজ্যৰ মুল চহৰ কেই খনৰ বাহিৰে প্ৰতি খন জিলাত শতকৰা ৮০ শতাংশ লোকেই কৃষক৷ শাক, পাচলি, সৰিয়হ, মৰাপাট আদিৰ লগতে ধান খেতি কৰে ৰাজ্যৰ খেতিয়ক সকলে৷

মুলতে প্ৰায় খেতিয়কে ধান খেতি কৰে যদিও দৰং, বৰপেটা, গোৱালপাৰা, হোজাই আদি জিলাত শাক পাচলীৰ খেতিয়ো কৰে শ শ কৃষকে৷ কপালৰ ঘাম মাটিত পেলায় কৃষক সকলে ৰদ-বৰষুণ কাটি কৰি খেতি কৰে যদিও উৎপাদিত সামগ্ৰীৰ উচিত মুল্য নোপোৱাত ৰাজ্যৰ কৃষকে ৰাজপথলৈ ওলাই আহিব লগা হয়৷

ৰাজ পথলৈ ওলাই আহি বুকুত বন্দুকৰ গুলী পাতি লব লগা হৈছে আমাৰ ৰাজ্য খনৰ কৃষকে৷ কৃষি কৰ্ম কৰিয়ে পৰিয়াল পোহপাল দিয়া কৃষকক চৰকাৰে ৰাজ সাহায্য দিয়া দেখা পোৱা নাযায়৷ কৃষি কৰ্ম কৰিবলৈ চৰকাৰৰ পৰা এখন ট্ৰেক্টৰ ৰাজ্যৰ খেতিয়কে নোপোৱাৰ লগতে বেংকৰ পৰা ঋণ লব লাগিলে হাবাধুৰি খাব লগা হয়৷

ৰাজ্য খনৰ জকাইচুকৰ কৃষক সকলে বেংকৰ ঋণ নোপোৱাৰ লগতে সাৰ, বীজ আদি নোপোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ কৃষি কৰ্মৰ উপাৰ্জনেৰে লৰা-ছোৱালীক পঢ়ুৱাৰ লগতে নিজৰ পৰিয়াল চলায়। একো একোটা পৰিয়ালৰ লৰা-ছোৱালীৰ পঢ়া-শুনাৰ খৰছ, বেমাৰ-আজাৰৰ পৰা আৰম্ভ কৰি সকলো খৰছ কৃষি কৰ্মৰ পৰা উৎপাদিত সামগ্ৰী বিক্ৰি কৰি উলিয়ায তেওঁলোকে৷

তাৰ পাছতো ৰাজ্যৰ কৃষকে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য বিছাৰি প্ৰতিবাদ কৰাৰ লগতে বেংকৰ ঋণ, চৰকাৰে যোগান ধৰা সাৰ-বিজ পাবলৈ সক্ষম নহয়৷ বানপানী, গৰাখহনীয়া, খৰাং, পোক আদিয়ে খেতিয়কক মাধমাৰ শোধায় সময়ে সময়ে৷ যাৰ ফলত কৃষি কৰ্মৰ প্ৰতি যুৱ প্ৰজন্মৰ মোহ ভংগ হে বহিঃ ৰাজ্যৰ কোম্পানীত কাম কৰিবলৈ ঢাপলি মেলে৷

বহিঃ ৰাজ্যৰ কোম্পানীত কৰিবলৈ নগৈ যোৱা বিশ বছৰে গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ জালজ’ৰি গাঁৱৰ এজন লোকে খেতি কৰি আহিছে৷ পুতুল শইকীয়া নামৰ এজন লোকজনে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে আন ১০ জন যুৱকক নিদৰ্শন দেখুৱাইছে।

পুতুল শইকীয়াই বৰপথাৰৰ গেলাবিল অঞ্চলত দৈয়াং নদীৰ পাৰৰ প্ৰায় ৫০ বিঘা কৃষিভূমিত তামুল-পাণ, নেমু, জিকা, কেৰেলা, অমিতা, কোমোৰা আদি খেতি কৰি আহিছে। ৪৫ বছৰীয়া কৃষক জনে যোৱা ২০ বছৰ ধৰি কৃষি কৰ্মৰ সৈতে জড়িত হৈ আছে।

গেলাবিল গাঁও পঞ্চায়তৰ ২নং ৱাৰ্ডত অৱস্থিত কৃষি পাম খনত উৎপাদিত ফচলসমুহ অসমৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ড, অৰুণাচল, মনিপুৰ আদিলৈ ৰপ্তানি হয়। আদৰ্শৱান কৃষকগৰাকীয়ে আজি পৰ্যন্ত কৃষিবিভাগৰ পৰা পোৱা নাই কোনো সহায়৷ বিশ বছৰ ধৰি খেতি কৰি থকা লোকজনৰ খবৰ লবলৈ আহৰি নাই কৃষি বিভাগৰ লোকৰ।

এমুঠি সাৰ, বীজ পাবলৈ সক্ষম নোহোৱা পুতুল শইকীয়াই বহু কষ্টৰে কৃষি কাৰ্য কৰি যোৱা বুলি কয়৷ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰকৃত খেতিয়কে সহায় নাপায় বুলি কয় তেও৷ এনে এজন আদৰ্শৱান কৃষক মহকুমাটোত থকাৰ কথা কৃষি বিভাগ তথা গোলাগাটৰ কৃষি মন্ত্ৰী অতুল বৰাই জানে নে নাই সন্দেহ থকা বুলিও অভিযোগ উত্থাপন হয়।

আদৰ্শ কৃষকজনৰ ফাৰ্মখনত ৪,০০০ জোপা তামোল-পাণ, ১৬ বিঘা মাটিত নেমু টেঙা, ৪ বিঘা মাটিত দাংবডি, ৪ বিঘা মাটিত অমিতা, ৮ বিঘা মাটিত থকা এখন বৃহৎ হেন্দালিত লাউ, কেৰেলা, জিকা, উৰহি খেতি কৰি আহিছে।