কোকৰাঝাৰঃ বিটিএডিৰ সদৰ চহৰ হাব্ৰুবাৰীস্থিত কোকৰাঝাৰ সংগীত আৰু সুকুমাৰ কলা মহাবিদ্যালয় প্ৰাংগনত যোৱা ১৭ মাৰ্চৰ পৰা অবিৰামভাৱে চলি থকা আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বসুলভ চিত্ৰাংকণ প্ৰদৰ্শনী আৰু সাংস্কৃতিক মহোৎসৱখন অহা ২৩ মাৰ্চত সামঁৰনি পৰিব 

৷ উল্লেখ্য যে, কোকৰাঝাৰ চহৰত পোনপ্ৰথম বাৰৰ বাবে আয়োজিত আন্তঃৰাষ্ট্ৰীয় চিত্ৰকলা মহোৎসৱত ভাৰতৰ লগতে দেশ বিদেশৰ প্ৰতিথযশা ২৩ গৰাকী চিত্ৰ কলা শিল্পীৰ মহামিলন আৰু মুকলি আকাশৰ তলত অকাঁ চিত্ৰ প্ৰদৰ্শনে উজ্জীৱিত কৰি তুলিছে কোকৰাঝাৰৰ সংগীত আৰু সুকুমাৰ কলা মহাবিদ্যালয় প্ৰাংগণ৷

 ইতিমধ্যে কোকৰাঝাৰৰ প্ৰতিথযশা চিত্ৰশিল্পী জনক ঝংকাৰ নাৰ্জাৰীৰ লগতে ৰোমানিয়া দেশৰ পৰা অংশ লোৱা আলেকজেণ্ডাৰ ছেৰাফিন,আমেৰিকাৰ জাষ্টিন মিলচ,থাইলেণ্ডৰ তাওয়াত ছাও সমকং, ইৰানৰ লিয়াড ছাবেছি, ফ্ৰান্সৰ ইলোডি গাৰোনে, ভিয়েটনামাৰ দামদং লি, ৰাছিয়াৰ আইজনা ছাফোভোলোবা আৰু চুবুৰীয়া বাংলাদেশৰ চিত্ৰশিল্পী নিছাৰ হুছেইনৰ হৃদয় জিনি নিয়া চিত্ৰ কলা প্ৰদৰ্শনে প্ৰাণৱন্ত কৰি তুলিছে কোকৰাঝাৰবাসীক৷ 

অসম চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ তত্বাৱধানত কোকৰাঝাৰত পোন প্ৰথম বাৰৰ বাৱে আনুষ্ঠিত হােৱা  আন্ত:ৰাষ্ট্ৰীয় বন্ধুত্বসুলভ চিত্ৰাংকণ প্ৰদৰ্শনী আৰু সাংস্কৃতিক মহোৎসৱত অংশ লোৱা দেশ বিদেশৰ চিত্ৰ কলা শিল্পীসকলক বৃহস্পতিবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰকৃতিৰ নৈসৰ্গিক পৰিবেশ উপভোগৰ ভ্ৰমন কাৰ্যসূচী গ্ৰহণ কৰা বুলি মুখ্য আহ্বায়িকা তথা কোকৰাঝাৰ সংগীত আৰু সুকুমাৰ কলা মহাবিদ্যালয়ৰ অধ্যক্ষা লাৰ্লী ব্ৰহ্মই সদৰী কৰিছে৷

ইপিনে আন্তঃৰাষ্ট্ৰীয় চিত্ৰাংকন প্ৰতিযোগিতাত অংশ লোৱা বিদেশৰ চিত্ৰকলা শিল্পীসকল কোকৰাঝাৰবাসীৰ অতিথি আপ্যায়নত আল্পুত হৈ পৰাই নহয় অহা কাইলৈ অৰ্থাৎ ২৩ মাৰ্চত সামৰনি পৰ্বত দেশী বিদেশী চিত্ৰ শিল্পীসকলক চিত্ৰকলাৰ প্ৰতিযোগী বটাঁৰে বিভূষিত কৰিৱ বুলি আয়োজক সমিতিয়ে সদৰী কৰে৷