
ৰঙিয়াঃ আজি পুৱতি নিশা ৰঙিয়া আৰক্ষীৰ অভিযান চলাই পালচাৰ বাইকসহ পাচজনীয়া দুৰ্ধৰ্ষ ডকাইতৰ দল এটা আটক কৰিবলৈ সক্ষম হয়। গুৱাহাটীত মহানগৰীত ডকাইতি কৰাৰ পৰিকল্পনা কৰি গৈ থকা অৱস্থাত ৰঙিয়াৰ সমিপৰ মৰাণজানাৰ পৰা ৰঙিয়া আৰক্ষীয়ে আটক কৰে ডকাইতৰ দলটো।
ৰঙিয়াৰ সমীপবৰ্তী ধুহিবালাৰ উক্ত ডকাইত কেইজনে ৰঙিয়া মহকুমাৰ কেইবাটাও অপৰাধজনিত ঘটনাৰ লগত জড়িত থকাৰ লগতে ১২ মে'ত ৰঙিয়া গোপালপুৰত দুখন পালচাৰ বাইকত আহি জন লক্ষ্মী ফাইনেঞ্চ নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ মাইনুদ্দিন আহমেদ নামৰ কৰ্মচাৰী জনৰ পৰা প্ৰায় এক লক্ষাধিক টকা লুটি নিছিল।
আৰক্ষীয়ে জানিবলৈ দিয়ামতে আটকাধীন ডকাইত কেইজন হৈছে নিতুল দাস, ইদুল আলী, ধন আলী, আতিকুল ইছলাম আৰু ৰাহুল আলী। আৰক্ষীয়ে ডকাইত কেইজন ব্যৱহাৰ কৰি থকা এখন পালচাৰ বাইক জব্দ কৰিবলৈ সক্ষম হৈছে।