29
Aug
2017

লংকাঃ তিনিদিনৰ মূৰকত উদ্ধাৰ হ’ল আমেৰিকাৰ মৃতদেহ৷ হোজাই জিলাৰ লংকা চহৰৰ সমীপৰ উদয়পুৰত সোমবাৰে বিয়লি উদ্ধাৰ হয় আমেৰিকাৰ মৃতদেহ৷
উদয়পুৰৰ লংকাজান নৈত ওপঙি থকা অৱস্থাত মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি উদালী আৰক্ষীক খবৰ দিয়ে৷
উদালী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ উদয়পুৰ অঞ্চলৰ আমেৰিকা গৌড়(৭০) নামৰ লোকগৰাকী শনিবাৰে পথাৰৰ পৰা গৰু আনিবলৈ গৈ সন্ধানহীন হৈ আছিল৷