মুছলপুৰঃ উজনি-নামণিত এতিয়া গুণোৎসৱৰ বতৰা৷ সকলোৰে মুখত এতিয়া গুণোৎসৱৰ কথা৷ শিক্ষক-ছাত্ৰৰ বাবে যেন গুণোৎসৱৰ বতৰ৷ শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৱে ব্যস্ত গুণোৎসৱৰ বাবে৷ বিগত এমাহত ৰাজ্যত বিভিন্ন প্ৰান্তত শিক্ষকে আত্মহত্যা বা হৃদক্ৰীয়া বন্ধ হৈ শিক্ষকে অকাল মৃত্যুক সাৱটি লোৱাৰ অভিযোগ উত্থাপিত হৈছে তেনে সময়তে মঙলবাৰৰ পৰা তিনিদিনৰ বাবে অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷ ইতিমধ্যে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ সম্পূৰ্ণ সাজু হৈ উঠিছে বুলি জানিব পৰা গৈছে।

গুণোৎসৱ নিয়াৰিকৈ সম্পন্ন কৰি উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বাবে ইতিমধ্যে শিক্ষা খণ্ড সমূহত উখল-মাখল পৰিবেশ দেখা গৈছে৷ গুণোৎসৱৰ বাবেই বিদ্যালয়সমুহো ন-ৰূপত সজাই তুলিছে। বিদ্যালয়সমুহত ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন অনুপাতে শিক্ষকৰ অভাৱ, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হোৱা সত্বেও প্ৰতিখন বিদ্যালয়ে গুণোৎসৱক যাতে ভাল ফলাফল লাভ কৰিব পাৰে তাকে লৈ আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি। কিন্তু তাৰ মাজতে গুণোৎলৱটো দুৰৰ কথা শিক্ষা বিভাগে খাঙুৰি লব পৰা নাই ৰাজ্যৰ বহু পৰিয়ালৰ শিশুক৷ এই খন অসমত আজিও বহু শিশু আছে যিয়ে দেখা নাই বিদ্যলয়ৰ মুখ।

ৰাজ্যৰ বহু ৮-৯ বছৰৰ শিশুৱে শ্ৰমিকৰ হিচাপে আনৰ চাহৰ হোটেলত-দোকানত কাম কৰিব লগা হয়৷ দৰিদ্ৰতাৰ বাবে পৰিয়ালক সহায় কৰাৰ স্বাৰ্থত আনৰ ঘৰত বনকৰা শ্ৰমিক হিচাপে থাকিবলৈ বাধ্য হয়৷ ভয়াবহ শ্ৰমৰ বোজা লব লগা হয়। যাৰ ফলত কলিতে মৰহি যায় বহু ভৱিষ্যৎ৷ নামণিৰ বিটিএডিৰ বাক্সা জিলাৰ দিৰিং বাকৰিত বহু শিশু শ্ৰমিকে কাম কৰা আজিও দেশা যায়। দিৰিং নৈৰ বুকুত শিল ভঙা কাম কৰে শিশুৱে৷ দৈমালু ব্ৰহ্ম নামৰ এটি ফুলকুমলীয়া শিশুৱে মঙলবাৰে অৰ্থাৎ দ্বিতীয়লানি গুণোৎসৱৰ দিনটোতে হাৰ ভঙা পৰিশ্ৰম কৰি থকা দেখা গৈছিল৷

ঘৰৰ অৱস্থা বেয়া বাবে কাম কৰিছো বুলি কয় দৈমালু ব্ৰহ্ম নামৰ শিশুটোৱে৷ পিতৃ হীন দৈমালুৰ মাতৃয়ো ৰুগ্ন কেতিয়াবা কামত যাব পাৰে কেতিয়াবা যাব নোৱাৰে। ফলত দৈমালুৱে হাতত তুলি লব লগা হৈছে প্ৰকাণ্ড হাতুৰি। পুৱাই জীৰ্ণ শৰীৰত চিন্ন বস্ত্ৰ পিন্ধি কামলৈ ওলাই অহা দৈমালুৱে দিনৰ দিনটো নৈৰ পাৰত কাম কৰে৷ বিয়লি শ্ৰম কৰি পোৱা টকা কেইটাৰে ঘৰলৈ বজাৰ-সামৰ কৰি আনি ঘৰ চলায়৷ শিল টোলা, শিল ভঙা আদি কঠিন কাম কৰি ঘৰ চলোৱা দৈমালু হতৰ নামত যে কেন্দ্ৰীয়-চৰকাৰে কোটি কোটি টকা দি আহিছে এতিয়া সেই কথা কোনে কাক বুজাব৷

বিটিএডিৰ তথা বড়ো জনগোষ্ঠীৰ উন্নয়ণৰ স্বাৰ্থত বিএলটিৰে ২০০৩ চনত কেন্দ্ৰীয় চৰকাৰে স্বাক্ষৰ কৰা বিটিচি চুক্তিৰ ফলত কোটি কোটি টকা বিটিএডিৰ চাৰিখন জিলা উন্নয়ণৰ বাবে কেন্দ্ৰ-ৰাজ্য চৰকাৰে দি আহিছে ৷ সেই টকাবোৰ নিশ্চয় শিক্ষা, স্বাস্থ্য, বিশুদ্ধ খোৱাপানী, শিশু-মহিলাৰ উন্নয়ণ সাধন কৰাৰ বাবেই দিয়ে চৰকাৰে৷ কিন্তু সেই টকাবোৰ কলৈ যায়৷ সেই টকাৰে কেৱল একাংশ লোকে বিলাসী গাড়ী, ওখ দালান সাজি কোটি কোটি টকা ঘটিছে নেকি৷

এই অভিযোগ উত্থাপন হৈ আহিছে সময়ে সময়ে৷ একাংশ লোকে বিটিএডি তথা বড়ো জাতিৰ উন্নয়ণৰ বাবে অহা টকা লুটি-পুটি খোৱাৰ ফলত দৈমালু ব্ৰহ্মৰ হতৰ দৰে শিশুৱে শ্ৰমৰ বিনিময়ত পোৱা ৫০-৬০টকাৰে আখলত জুই জ্বলাব লগা হৈছে৷ তেওলোকৰ ভৱিষ্যতৰ কথা কোনেও কিয় নাভাবে৷ কেৱল দৈমালুৱে নহয় আন বহু শিশুই পেটৰ তাড়নাত বিদ্যালয় পৰিবৰ্তে ব্যস্ত হয় দিৰিং বাকৰিৰ শিলৰ কুৱেৰীত। এতিয়া প্ৰশ্ন হল পৰিৱৰ্তন কামী চৰকাৰখনে কেতিয়া ভাবিব এই শিশু সকলৰ কথা।