newsnextone.com | অভয়াপুৰীঃ বানপানী, গৰাখহনীয়া ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল বিজেপি, অগপ আৰু বিপিএফ দল৷ কিন্তু শাসনৰ গাদী লাভ কৰাৰ পিছতে বানপানী, খৰাখহনীয়াৰ সমস্যাক পাহৰি চৰকাৰ এতিয়া ব্যস্ত চমক সৃষ্টি কৰাত৷ তাৰ মাজতে বঙাইগাঁও জিলাৰ অভয়াপুৰী (অনু) বিধানসভা সমষ্টিৰ অন্তৰ্গত মেৰেৰচৰ গাঁও পঞ্চায়তৰ ডুবাচৰী প্ৰথম খণ্ড সম্প্ৰতি মানাহ নৈত জাহ যাবলৈ ওলাইছে৷ যাৰ ফলত শ-শ পৰিয়ালে চকুলো টুকি সময় পাৰ কৰিব লগা হৈছে৷ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ আশংকাত সময় পাৰ কৰিছে যদিও খবৰ লবলৈ আহৰি নাই প্ৰশাসন, চৰকাৰ, বিধায়ক-সাংসদৰ৷ 

মানাহ নৈৰ খহনীয়াৰ তাণ্ডৱৰ বাবে তুপুনি হৰিছে শ-শ লোকৰ৷ মানাহ নৈৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে মেৰেৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ডুবাচৰী প্ৰথম খণ্ডত মানাহ নৈয়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰাৰ ফলত বিঘাই বিঘাই কৃষিভূমি জাহ গৈছে। এইবাৰ মানুহৰ ঘৰ, পথ খহাই নিয়াৰ লগতে ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ আশংকাই দেখা দিছে৷ কিয়নো নৈ এতিয়া মানুহৰ ঘৰৰ ওচৰ পোৱা পৰিলক্ষিত হৈছে৷ মানাহ নৈত বহু গাঁও জাহ যোৱাৰ উপক্ৰম হৈছে। ইমানৰ পিছতো স্থানীয় বিধায়ক তথা প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ 

বঙাইগাঁও জিলাৰ দক্ষিণ অভয়াপুৰী (অনু) বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত তথা মেৰেৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ডুবাচৰী প্ৰথম খণ্ড সম্প্ৰতি মানাহ নৈৰ খহনীয়াৰ কৱলত পৰাত ৰাইজ শংকিত হৈ পৰাৰ পিছতো স্থানীয়ে বিধায়ক অনন্ত মালো, সাংসদ চিৰাজুদিদন আজমলে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ডুবাচৰী গাঁওখনৰ সমীপৰে বৈ যোৱা মানাহ নৈৰ খহনীয়াৰ ফলত ইতিমধ্যে গাঁওখনৰ প্ৰায় ১০০-১৫০ পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু বিঘাই বিঘাই কৃষিভূমি নৈৰ বুকুত জাহ যোৱাৰ পিছত পুনৰ এই তাণ্ডৱ আৰম্ভ হৈছে৷ পুনৰ কৃষকে হাহাকৰা কৰিব লগা হৈছে৷ ঋণ লৈ খেতি কৰা কৃষকসকলে কৃষিভূমি নৈৰ বুকুত জাহ যোৱাত আগন্তুক দিনত ভয়ংকৰ বিপদত পৰাৰ আশংকাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষকৰ মাজত। 

উল্লেখ্য যে, নিৰ্বাচনৰ সময়ত বিভিন্ন দলৰ প্ৰতিনিধিয়ে অঞ্চলটোলৈ আহি ডুবাচৰী গাঁৱক মানাহ নৈৰ খহনীয়াৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ যোৱা বিধান সভা নিৰ্বাচনত ইউডিএফ অনন্ত মালোৱে বিধায়ক নিৰ্বাচিত হয় সমষ্টিটোৰ পৰা৷ কিন্তু অনন্ত মালোৱে নিৰ্বাচন পাৰ হোৱাৰ পিছৰে পৰা উক্ত অঞ্চললৈ নােযোৱাৰ অভিযোগ উত্থাপন হৈছে৷ আনহাতে বদৰুদ্দিন আজমলৰ ভাতৃ তথা বৰপেটা লোকসভা সমষ্টিৰ সাংসদ চিৰাজুদ্দিন আজমলে এবাৰো খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ আজমল পৰিয়ালে নিজকে সংখ্যালঘু দৰদী বুলি নিজকে জাহিৰ কৰে ফুৰে যদিও ডুবাচৰী গাঁৱৰ লোকে এই কথা মানি লব খোজা নাই৷ কিয়নো সাংসদ নিৰ্বাচিত হোৱাৰ পিছৰে আজিলৈ এবাৰো ডুবাচৰী গাঁও খনক ৰক্ষা কৰিবলৈ চিন্তা চৰ্চা কৰাটো দুৰৰ কথা খবৰ লবলৈও অহা নাই সাংসদ চিৰাজুদ্দিনে৷

এই সংকটৰ সময়ত গঞা ৰাইজক দেখা দিবলৈ বিধায়ক, সাংসদৰ সময় নাই বুলি অভিযোগ উত্থাপন কৰিছে গঞাই। যোৱা ৪-৫ দিন ধৰি হৈ খহনীয়াই প্ৰবল ৰূপ ধাৰণ কৰিছে৷ মানাহ নৈৰ খহনীয়াই আগন্তুক সময়ত যে কালৰূপ ধাৰণ কৰিব সেইটো খাটাং বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে স্থানীয় ৰাইজে।

জিলা প্ৰশাসন তথা সংশ্লিষ্ট কৰ্তৃপক্ষই যদি এই সময়ত মানাহ নৈৰ খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে ডুবাচৰীয়ে নহয় ইছবপুৰ প্ৰথম-দ্বিতীয় খণ্ড, পাটানীবাৰী, বাঘেখাইতি আদিকে ধৰি কেইবাখনো গাঁৱৰ ঘৰ-দুৱাৰ, শ শ বিঘা কৃষিভূমি মানাহৰ বুকুত জাহ যোৱাটো নিশ্চিত বুলিও আশংকা ব্যক্ত কৰিছে নৈপৰীয়া ৰাইজে। পৰিৱৰ্তনৰ শ্ল’গানেৰে ৰাজ্যৰ শাসন কৰা বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰ, বিধায়ক, সাংসদে গুৰুত্ব প্ৰদান কৰিবনে বুলি প্ৰশ্ন উত্থাপন কৰিছে ডুবাচৰী গাঁৱৰ শংকিত ৰাইজে।