লংকাঃ হোজাই জিলাৰ লংকাস্থিত এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ ডালমিয়া চিমেন্ট কোম্পানীৰ উৎপাদন কেন্দ্ৰত কৰ্মৰত এগৰাকী শ্ৰমিকক ডাম্পাৰে চেপি নিহত কাৰত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

উৎপাদন কেন্দ্ৰটোৰ ভিতৰত কৰ্মৰত অৱস্থাত অমিত দাস নামৰ শ্ৰমিকজনক AS-01-EC-5772 নম্বৰৰ এখন ডাম্পাৰে মহটিয়াই নিয়াত থিতাতে মৃত্যু হয়৷

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে উদ্যোগত কৰ্মৰত আন আন শ্ৰমিকসকলে ডাম্পাৰখন আৱদ্ধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷

শ্ৰমিকসকলৰ ৰোষত পৰাৰ ভয়ত ডাম্পাৰ চালকজনে পলায়ন কৰে৷ দুৰ্ঘটনাটোৰ খবৰ পোৱা মাত্ৰকে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক উৎপাদন কেন্দ্ৰৰ ভিতৰত প্ৰৱেশত বাধা প্ৰদান কৰে উদ্যোগ কৰ্তৃপক্ষই৷

ইয়াকে লৈ চিমেন্ট উদ্যোগৰ প্ৰৱেশ দ্বাৰত পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে স্থানীয় লোকে৷ শ্ৰমিকজনৰ মাতৃৰ কান্দোনৰ ৰোলে এক শোকাকুল পৰিবেশৰ সৃষ্টি কৰে৷

পিছত ঘটনা স্থলীত লংকা আৰক্ষী উপস্থিত হৈ নিহত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷

মৃতদেহ উলিযাই নিবৰ সময়ত বাহন আৱদ্ধ কৰি শ্ৰমিকজনৰ মৃত্যুৰ তদন্তৰ লগতে উচিত ক্ষতি পূৰণৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে ৰাইজে। পিছত লংকা আৰক্ষী, লংকা ৰাজহ চক্ৰ বিষয়া তথা উদ্যোগ কৰ্তৃপক্ষৰ বুজনিত পৰিস্থিতি ক্ষান্ত হয়৷