11
Jan
2018

বোকাজানঃ হোজাই জিলাৰ লংকাৰ ভক্তি সংঘই অনুষ্ঠিত কৰা ডান্স লংকা ডান্স ছিজন-২ কাৰ্বি আংলং জিলাৰ বোকাজানৰ ৭ বছৰীয়া পিয়ুষ দেৱনাথে প্ৰথম স্থান দখল কৰে৷
ডান্স লংকা ডান্স একাডেমিত নৃত্যৰ প্ৰশিক্ষণ লোৱা সুখানী ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ পিয়ুষ দেৱনাথে ডান্স লংকা ডান্সৰ ক-শাখাত নিজৰ নৃত্যৰে সকলোকে আপ্লুত কৰে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নৃত্য শিল্পীসকলক প্ৰথম ৰাউণ্ডৰ পৰাই পিছ পেলাই চূড়ান্ত ৰাউণ্ডত প্ৰৱেশ কৰে পিয়ুষে৷
চূড়ান্ত ৰাউণ্ডত পিয়ুষে কলকাতাৰ পৰা অহা বিচাৰকৰ মন জয় কৰি অন্য নৃত্য শিল্পীসকলক পিছ পেলাই ডান্স লংকা ডান্সৰ ক-শাখাত প্ৰথম স্থান দখল কৰি বোকাজানৰ নাম উজলাই তোলে৷ পিয়ুষ দেৱনাথ বোকাজানৰ নিবাসী তপন দেৱনাথ আৰু পুজা দেৱনাথৰ পুত্ৰ৷