প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

লাহোৱালঃ ডিব্ৰুগড় জিলাৰ ফুলামপুৰ মইনা পাৰিজাতৰ উদ্যোগত স্থানীয় ফুলামপুৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আৰ্হিত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত থিয়েটাৰ ইন এডুকেচন শীৰ্ষক নাট কৰ্মশালা অনুষ্ঠিত হৈ য়ায৷

২ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে ১৫ দিনীয়াকৈ অনুষেঠিত কৰ্মশালাত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সমন্বয়ক ফিলিপ জামান নেওগে মুখ্য প্ৰশিক্ষক আৰু অৰ্পণা বড়াই প্ৰশিক্ষণ প্ৰদান কৰে।

ফুটাহোলা নগাঁও, চাগলীকটা, মদাৰখাত, ঘোঁৰামৰা, হাটখোলা, ফুলামপুৰ আদি গাঁৱৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ-গ্ৰহণ কৰা কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে বিভিন্ন অনুষ্ঠান ৰূপায়ণ কৰে৷

মইনা পাৰিজাতৰ পৰিচালিকা মঞ্জু দত্ত গোহাঁইয়ে আঁতধৰা সামৰণি অনুষ্ঠানত কৰ্মশালাৰ প্ৰশিক্ষক ফিলিপ জামান নেওগ আৰু অৰ্পণা বড়াৰ লগতে কৰ্মশালা অনুষ্ঠিত হোৱা ফুলামপুৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কল্যাণ গগৈক মইনা পাৰিজাতে সম্বৰ্ধনা জনায়।