31
Mar
2019

দৰংঃ বেংকৰ অনাদায় হৈ থকা ধন আদায় কৰিবলৈ গৈ দৰঙৰ দলগাঁৱত বেংক বিষয়াক গুৰুলা গুৰুকৈ মাৰপিট কৰি আহত কৰা কেন্দ্ৰ কৰি দলগাঁৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে দলগাঁৱৰ ১ নং শিয়ালমাৰী গাঁৱৰ আব্দুল হক নামৰ ব্যক্তি এজনে ট্ৰেক্টৰ ক্ৰয়ৰ বাবে লোৱা প্ৰায় ছয় লাখ টকা ঋণ অনাদায় হৈ থকাত মংগলদৈ কানাড়া বেংকৰ শাখা প্ৰৱন্ধকগৰাকীয়ে খাৰুপেটীয়া শাখাৰ শাখা প্ৰৱন্ধকক লগত লৈ শিয়ালমাৰী গাঁৱত থকা হকৰ গৃহত উপস্থিত হওঁতে আব্দুল হকৰ সৈতে আন কেইজনমানে মঙলদৈ কানাড়া বেংকৰ শাখা প্ৰৱন্ধক অমৰ কুমাৰক লাঠি, ইটাৰে আক্ৰমণ কৰে৷
আক্ৰমনত শাখা প্ৰৱন্ধকগৰাকীৰ মূৰ ফাটি যায় আৰু অচেতন হৈ পৰে৷ পাছত আব্দুল হকৰ গৃহৰপৰা আৰক্ষীয়ে অচেতন অৱস্থাত উদ্ধাৰ কৰে বেংক বিষয়াজনক৷