
দলংঘাটঃ সদৌ অসম যোগ আৰু প্ৰাকৃতিক চিকিৎসা সংস্থাৰ দৰং জিলা সমিতিৰ মুখ্য কাৰ্যালয় বুধবাৰে সন্থাৰ ৰাজ্যিক সভাপতি পংকজ বৰুৱাই উদ্বোধন কৰে। দৰং জিলাৰ পাথৰিঘাটত আনুষ্ঠানিকভাৱে মুখ্য কাৰ্যালয় উদ্বোধন কৰাৰ পিছতে নতুন কাৰ্যালয়টোত এখন সভা অনুষ্ঠিত হয়৷
সদৌ অসম যোগ আৰু প্ৰাকৃতিক চিকিৎসা সংস্থাৰ দৰং জিলা সমিতিৰ সভাপতি হিমালয় শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাত সন্থাৰ ভৱিষ্যত কাৰ্যপন্থা, সাংগঠনিক দিশ আদি সন্দৰ্ভত ওপৰত আলোচনা কৰা বুলি জানিব পৰা গৈছে।
দৰং জিলা সমিতিৰ সম্পাদক নিৰঞ্জন নাথে আঁত ধৰা সভাত উপস্থিত থাকে সদৌ অসম যোগ আৰু প্ৰাকৃতিক চিকিৎসা সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শশীন্দ্ৰ শৰ্মা, নলবাৰী জিলাৰ সভাপতি বসন্ত মজুমদাৰ, দৰং জিলা সমিতিৰ সহকাৰী সম্পাদক ভাস্কৰ বৰুৱা, কোষাধ্যক্ষ বিনয় কলিতা, মুখ্য কাৰ্যালয় সম্পাদক প্ৰবিত্ৰ প্ৰাণ ডেকাৰ লগতে কেইবাগৰাকী বিষয়-ববীয়া উপস্থিত থাকে।