নলবাৰীঃ নলবাৰী জিলা প্ৰশাসনৰ কাম কাজত চৰম অস্তিৰতাই দেখা দিয়াৰ সময়তে জিলাখনৰ উপায়ুক্ত অনন্ত লালা জ্ঞানীক বদলিৰ খবৰে জিলাখনৰ সচেতন মহলত চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ স্বচ্ছ অভিযান মিছনৰ ক্ষেত্ৰত নলবাৰী জিলাক অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰি সুনাম আনিছিল এই গৰাকী উপায়ুক্তই।

তদুপৰি জিলাখনৰ গ্ৰামোন্নয়নত উপায়ুক্ত জ্ঞানীয়ে বিশেষ ভূমিকা লোৱাত গঞা ৰাইজৰ বাট পথকে ধৰি বিভিন্ন আঁচনি ৰূপায়নত সফল হৈছিল। এনে এজন উপায়ুক্তক নলবাৰীৰ পৰা বদলি কৰা খবৰে সচেতন মহল মিশ্ৰিত ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে।

জানিব পৰা মতে দক্ষ তথা সৎ হিচাপে সুনাম থকা নলবাৰীৰ নতুন উপায়ুক্ত হিচাপে সঞ্জীৱ কুমাৰ দাসক দায়িত্ব অৰ্পণ কৰা হৈছে৷