তুলসীবাৰীঃ যোৱা ১৪ মাহে দৰমহা নাপায় বুকুত অযুত যন্ত্ৰণা লৈ চকুলো টুকি দিন পাৰ কৰি অৱশেষত এগৰাকী শ্ৰমিকে আত্মহত্য কৰাৰ পিছতে চৰকাৰৰ চকু খোল লাগে৷ ৰঙিয়াৰ গৌৰব তুলসীবাৰীস্থিত এপল'মিলৰ পুনৰ কাৰ্যক্ষম কৰণৰ দাবীত ধাৰাবাহিক আন্দোলন চলি থকাৰ মাজতে ১৭ নৱেম্বৰত মিলটোৰ শ্ৰমিক, বিছেন্নালা গাঁও নিবাসী মনোৰাম কুমাৰে বাসগৃহৰ পাছফালে গামোচাৰে চিপ লৈ আত্মহত্যা কৰে৷

পত্নী আৰু একমাত্ৰ কন্যা সন্তানৰ সৈতে সুখৰ জীৱন কটাই অহা এপল'শ্ৰমিকগৰাকীয়ে বিগত চৈধ্য মাহে কৰ্মহীন হৈ পৰে৷ অৱশেষত আত্মহত্যা কৰে৷ তুলসীবাৰীৰ এপ'ল মিল পুণৰ কাৰ্যক্ষম কৰাৰ দাবীত বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থা আৰু মিল শ্ৰমিক সন্থাই ধাৰাবাহিক আন্দোলন কৰি থকাৰ সময়তে কামৰূপ জিলাৰ উপায়ুক্তই সোমবাৰে মিল প্ৰাংগনত উপস্থিত হৈ মিলটো পৰিদৰ্শন কৰে৷

উপায়ুক্ত কমল কুমাৰ বৈশ্য ৰঙিয়াৰ মহকুমাধিপতি মুণীন্দ্ৰ বৰদলৈৰ সৈতে ছাত্ৰ নেতা ধৰ্মেশ্বৰ দাস, ধীৰাজ ৰাজবংশী সচেতন নাগৰিক মঞ্চৰ সম্পাদক তাৰিফুল ইছলাম, শ্ৰমিক সন্থাৰ সভাপতি দুৰ্গা কলিতা আৰু সম্পাদক দুৰ্গা হালৈ, অনিয়োজিত শ্ৰমিকৰ হৈ সুকুমাৰ শৰ্মাৰ লগতে স্থানীয় কেইবাগৰাকী যুৱনেতাৰ উপস্থিতিত মিল কৰ্তৃপক্ষৰ হৈ পৰিচালন সঞ্চালক ব্ৰজেন পাঠক, প্ৰৱন্ধক বলেন্দ্ৰ কুমাৰ ডেকাই সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয়৷ বৈঠকত মিলটোৰ কাৰ্যকৰী কৰণৰ বাবে  প্ৰয়োজনীয় ধন, কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীৰ দৰমহা আদি সন্দৰ্ভত বিতং ভাবে আলোচনা কৰে৷