চাবুৱাঃ ডিব্ৰুগড জিলাৰ ঐতিহ্যমণ্ডিত চাবুৱা ডিডিআৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে কেবাটাও দল-সংগঠনৰ উত্তাল প্ৰতিবাদ৷ একাংশ ছাত্ৰীক মহাবিদ্যালয় খনৰ মুল গেটৰ সন্মুখতে বাইকত অহা একাংশ যুৱকে ভাবুকি দি আঁতৰি যোৱাৰ ২৪ ঘন্টা পাৰ হৈ যোৱাৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত ক্ষোভ হৈ পৰে ছাত্ৰ-ছাত্ৰ তথা স্থানীয় দল-সংগঠন৷ যুৱক কেইজনক আটক কৰি শাস্তি বিহাৰ লগতে দোষীক আটক কৰাৰ দাবীত শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰী, দল-সংগঠনে৷

অধ্যক্ষগৰাকীয়ে নিজ মহাবিদ্যালয়ৰ ছাত্ৰীক ভাবুকি দিয়াৰ পিছতো ঘটনাক লৈ নীৰৱ হৈ থকাৰ লগতে ব্যাপক দুৰ্নীতি সংঘটিত কৰা অভিযোগ উত্থাপন কৰে ছাত্ৰ-ছাত্ৰী, দল-সংগঠনে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ভাৰতৰ ছাত্ৰ ফেডাৰেচন, মটক যুৱ-ছাত্ৰ পৰিষদ, অসম চাহ জনজাতি ছাত্ৰ সন্থাই চাবুৱা চাৰিআলিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰে। প্ৰতিবাদকাৰীসকলে অধ্যক্ষৰ মইমতালি নচলিব, ছাত্ৰ-ছাত্ৰীক নিৰাপত্তা দিব নোৱাৰা অধ্যক্ষ হায় হায়, দুৰ্নীতিগ্ৰস্থ অধ্যক্ষক নিলম্বন কৰক আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।

মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃস্থি হৈ থকাৰ সময়তে মহাবিদ্যালয়ৰ গেটৰ সন্মুখত বৃহস্পতিবাৰে প্ৰায় ৭খন বাইকেৰে অহা এটা দলে ছাত্ৰীক অশ্লীল গালি-গালাজ কৰাৰ লগতে ভাবুকি প্ৰদান কৰিছিল। মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় প্ৰশাসনক ছাত্ৰ-ছাত্ৰীসকলে ভাবুকি দিয়া ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত ছাত্ৰ-ছাত্ৰীৰ লগতে সচেতন মহলে ক্ষোভি প্ৰকাশ কৰে।

ছাত্ৰী সুৰক্ষাৰ বাবে বিনামূলীয়া ২৪ ঘন্টাই হেল্প লাইন প্ৰদান কৰাৰ লগতে অধ্যক্ষজনে ছাত্ৰী নিৱাস নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰী কৰাৰ তথ্য বাৰম্বাৰ প্ৰকাশ কৰাৰ পিছতো জিলা প্ৰশাসন পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। সংগঠনটোক অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ১৮ জুনৰ পৰা তদন্ত আৰম্ভ কৰি ১৫ দিনৰ ভিতৰত তদন্তৰ ফলাফল প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও তদন্ত কৰিবলৈ অহা জিলা প্ৰশাসনৰ বিষয়-ববীয়াই অধ্যক্ষগৰাকীৰ কেবিনত বহি চাহ-মিঠাই খায়েই তদন্ত সামৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।