
বাসুগাঁওঃ চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত ভূটীয়া গাঁৱত চম্পাৱতী নৈৰ পাৰত পুতি থোৱা অৱস্থাত এগৰাকী ৮০ বছৰীয়া বৃদ্ধৰ মৃতদেহ উদ্ধাৰ হয়৷
লোকজনক বঙাইগাঁও জিলাৰ বঙাইগাঁও সদৰ থানা তথা বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নৈতাপাৰা ১ম খণ্ড গাঁৱৰ প্ৰাণবন্ধু বৰ্মন বুলি চিনাক্ত কৰা হৈছে৷
বৰ্মন যোৱা ১৭ চেপ্টেম্বৰৰ সন্ধিয়া বজাৰলৈ ওলাই যোৱাৰ পিচৰে পৰা সন্ধানহীন হৈছিল৷ ইয়াৰ পিচদিনা পুৱা তেওঁৰ ঘৰৰ নাতিদূৰত বৰ্মনৰ লগত থকা এখন গামোছা, ছাতি উদ্ধাৰ হোৱাৰ লগতে ওচৰতে তেজৰ চেকুৰাও প্ৰত্যেক্ষ কৰা গৈছিল৷
আৰক্ষীৰ লগতে তুলুঙীয়াস্থিত ভাৰতীয় সেনা বাহিনীৰ স্নীফাৰ ড’গৰ সহায়ত গোটেই দিনটো সন্ধান কৰিও লোকজনক বিচাৰি পোৱা হোৱা নাছিল৷
কোনো দুৰ্বৃত্তই হত্যা কৰা বুলি সন্দেহ কৰা লোকজনক মৃতদেহ অৱশেষত আজি ভূটীয়াগাঁৱত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয়৷
চোকা অস্ত্ৰৰে মূৰত আঘাত কৰি লোকজনক হত্যা কৰা বুলি সন্দেহ কৰা হৈছে৷ এতিয়ালৈকে অবশ্যে আৰক্ষীয়ে কোনো লোকক আটক কৰা নাই৷ কোনে কি কাৰণত হত্যা কৰিলে সেয়াও পোহৰলৈ অহা নাই৷