বিহালীঃ কাজিৰঙা ষষ্ঠ সংযোজনৰ অধিনৰ গহপুৰৰ বগে চাপৰিত দেওবাৰে এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। একাংশ লোকে মৃতদেহটো ব্ৰহ্মপুত্ৰত উটি অহা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷

বিহালী, ঘাহিগাঁও, হেলেম আৰক্ষী, নদী আৰক্ষী আৰু বন বিভাগৰ লোকে উদ্ধাৰ কৰে মৃতদেহটো। অৰ্ধউলংগ অচিনাক্ত মৃতদেহটো প্ৰায় ৩৫-৪০ বছৰীয়া পুৰুষৰ বুলি জানিব পৰা গৈছে। ৩-৪ দিন পুৰ্বে মৃত্যু হোৱাৰ সন্দেহ কৰে আৰক্ষীয়ে।