24
Jul
2017

বিহালীঃ বিশ্বনাথৰ বুৰৈ নৈত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়৷ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈ নৈত উদ্ধাৰ হোৱা মৃতদেহটোক লৈ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ।
প্ৰাপ্ত বাতৰি মতে, আজি স্থানীয় একাংশ মাছমৰীয়াই নৈত মাছ ধৰিবলৈ গৈ প্ৰত্যক্ষ কৰে পুৰুষৰ মৃতদেহটো।
মাছমৰীয়াই বিহালী আৰক্ষীক খবৰ দিয়াত আৰক্ষী বিষয়া প্ৰদীপ বৰুৱাৰ নেতৃত্বত এটি আৰক্ষীৰ দল আহি উপস্থিত হৈ মৃত দেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালী প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
স্থানীয় ৰাইজে কোনো লোকে ব্যক্তিজনক হত্যা কৰি নৈত উটুৱাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে।