27
Aug
2017

লংকাঃ দুদিন ধৰি নিৰুদ্দেশ হৈ থকা লোক এজনৰ মৃতদেহ আজি উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে লংকাত৷ লংকা আৰক্ষী থানাৰ অন্তৰ্গত ইছলাম বস্তিত এটি পুখুৰীত উদ্ধাৰ হয় নিৰঞ্জন ভট্টাচাৰ্য নামৰ লোকজনৰ মৃতদেহ৷
শিলচৰৰ নিৰঞ্জন ভট্টাচাৰ্য কৰ্মসূত্ৰে লংকাৰ জয়ৰামবস্তিত ভাড়াতীয়া হিচাপে আছিল৷ দুদিন ধৰি নিৰুদ্দেশ হৈ আছিল আছিল যদিও দেওবাৰে লংকা ইছলাম বস্তিৰ এটি পুখুৰীত নিৰঞ্জনৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰতক্ষ্য কৰি আৰক্ষীক খবৰ দিয়ে।