তেজপুৰঃ দেওবাৰে তেজপুৰৰ টেঙাবস্তিত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন কলেজীয়া ছাত্ৰৰ৷ উৰিয়ামগুৰিৰ নুৰুল ইছলাম আৰু মনোৱাৰা বেগমৰ পুত্ৰ মুজাহিদ্দুল ইছলামে দেওবাৰে বিয়লিৰ ভাগত সমনীয়াৰে জীয়াভৰলী নৈত গা ধুবলৈ লওতে পিছলি পৰি সন্ধানহীন হয়৷ 

পিছত স্থানীয় লোকৰ সহযোগত এছডিআৰএফৰ দলে জীয়াভৰলী নৈত অভিযান চলাই আজি পুৱা ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ 

এইবাৰ পাঁচমাইল উ.মা. বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ তেজপুৰ মহাবিদ্যালয়ত স্নাতক প্ৰথম মহলাত নাম ভৰ্তি কৰিছিল মুজাহিদ্দুলে৷ ছাত্ৰজনৰ আকস্মিক বিয়োগত সমগ্ৰ পাঁচমাইল অঞ্চলতে শোকৰ ছাঁ পৰিছে৷