
ওদালগুৰি/জাজৰিঃ সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে ওদালগুৰিত বিভিন্ন দল-সংগঠনে ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোক শিল্পী দিৱস হিচাপে পালন কৰে। ওদালগুৰি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত স্থানীয় ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয়।
পুৱা ১১বজাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পন কৰে৷ ইয়াৰ পাছত বিভিন্ন কৰ্মচাৰীসকলৰ মাজত জ্যোতি সংগীত প্ৰতিযোগিতাৰ লগতে "ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ গীতত দেশপ্ৰেম" শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। সন্ধিয়া ৫ বজাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত-মাতৰ এক কাৰ্যসূচী অনুষ্ঠিত হব।
ইফালে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই তেওঁলোকৰ শ্বহীদ ভৱনত জ্যোতিপ্ৰসাদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন তথা পুষ্পাঞ্জলি অৰ্পনৰ দ্বাৰা শিল্পি দিৱস পালন কৰে। একেদৰে ওদালগুৰি সাহিত্য সভাৰ উদ্যোগতো সাহিত্য সভা ভৱনত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শিল্পী দিৱস পালন কৰা হয়। চহৰখনৰ বিভিন্ন বিদ্যালয়সমূহৰ লগতে ওদালগুৰি শংকৰদেৱ মিচন উচ্চ মাধ্যমিক বিদ্যালয়তো উলহ-মালহেৰে শিল্পি দিৱস উদযাপন কৰা হয়।
পুৱাই বিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। আনহাতে, জাজৰিৰ শংকৰ-আজান জাতীয় বিদ্যালয়তো শিল্পী দিৱস উদযাপন কৰে৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি তথা শিল্পী দিৱস শংকৰ-আজান জাতীয় বিদ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়৷
পুৱা ৯.৩০ বজাত শিল্পীজনাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে৷ তাৰপাছতে এখনি মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক আবিদুৰ ৰহমানৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আৰম্ভনিতে বিদ্যালয়খনিৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্র-ছাত্রী সকলে এটি জ্যোতি সংগীত পৰিবেশন কৰাৰ লগতে শিল্পীগৰাকীৰ কেইবাটিও চিৰযুগমীয়া গীত পৰিবেশন কৰে এই অনুষ্ঠানতে৷