ডিফুঃ এগৰাকী বৃদ্ধাৰ হাতত ধৰি পদপথেৰে খোজকাঢ়ি আহি আছে এজন যুৱক৷ দেখিলে এনে লাগে তেওঁলোক যেন ভাগৰুৱা, অসহায়৷ বৃদ্ধাগৰাকী আৰু যুককজনৰ পিছে পিছে আন এগৰাকী মহিলা আৰু যুৱকেও পদপথেৰে খোজকাঢ়িছে৷

মানুহৰ সমাগম কোলাহলক লৈ তেওঁলোকৰ যেন ভ্ৰক্ষেপ নাই ৷ বৃদ্ধাৰ হাতত ধৰি থিৰ স্থিৰে খোজকাঢ়িছে যুৱকজনে৷ মুখমণ্ডলত হতাশাৰ ছাঁ স্পষ্ট হৈ পৰা যুৱকজন হঠাৎ পদপথত বহি দিলে৷ বৃদ্ধাগৰাকীয়ে সাৱটি ধৰি বাৰে বাৰে যুৱকজনক বুকুৰ মাজত সুমুৱাই লৈ ঠিয় কৰাব খুজিছে৷ চকুৰ লোটক মচি বৃদ্ধাগৰাকীয়ে যুৱকজনক বুজাব খুজিছে যে তেওঁ ভাঙি পৰা নাই৷

বাৰে বাৰে চকু পানী মচি বৃদ্ধাগৰাকীয়ে থিয় কৰাই আকৌ খোজকঢ়াই নিব খোজে যুৱকজনক৷ কিন্তু বিফল হ’ল বৃদ্ধ৷ বৃদ্ধাগৰাকীয়ে যুৱকজনক থিয় কৰোৱাত বিফল হোৱাত লগত অহা মহিলাগৰাকী আৰু যুৱকজনেও ঠিয় কৰোৱাৰ চেষ্টা কৰে৷ তেওঁলোকেও বিফল হ’ল৷ অৱশেষত পদপথতে শুৱাই দিবলৈ বাধ্য হ'ল ভাগৰুৱা, অসহায় যুৱকজনক৷

এখন দোকানৰ সন্মুখত শুৱাই দিয়াৰ পিছত বৃদ্ধাগৰাকীয়ে যুৱকজনক দেহত আলফুলে হাত বুলাই মৰম কৰিছে৷ কিছু সময় পাছতে পদ পথত শুই দিয়া যুৱকজনে মৃত্যুক আকোৱালি লয়৷ বৃদ্ধাগৰাকীয়ে ৰাউছি জুৰি কান্দিছে যুৱকজনৰ দেহত সাৱটি ধৰি৷ বৃদ্ধৰ কান্দোনত দুচকু সেমেকি উঠিছিল পদপথটোৰে আহ-যাহ কৰা লোকৰ অন্তৰ৷

যুৱকজনৰ নাম বিশাল গুৰুং৷ ঘৰ নাগালেণ্ডৰ ডিমাপুৰৰ মিতা কলনিত৷ সৰু কালতে পিতৃক হেৰুৱাই দৰিদ্ৰতাই কোঙা কৰা বিশালে গাড়ীৰ হেণ্ডিমেনৰ কাম কৰি পৰিয়াল পোহপাল দি আহিছিল৷ দৰিদ্ৰ বিশালে বৃদ্ধ মাতৃক সুখত ৰাখিবৰ বাবে দিনৰ দিনটো কাম কৰে৷ ২৫ বছৰীয়া বিশালে বিবাহ পাশতো আৱদ্ধ হয়৷

দিনহাজিৰা-শ্ৰমিক হিচাপে কাম কৰি সুখ-দুখেৰে সংসাৰ চলাই থকা বিশালৰ পৰিয়ালটোৰ ওপৰত কাৰোবাৰ যেন চকু হে পৰিল৷ প্ৰায় এবছৰ পূৰ্বে বিশালৰ দেহত থিতাপি ললে দুৰাৰোগ্য কৰ্কট ৰোগে৷ কাম নকৰিলে এসাজ খাব নোপোৱা বিশালে কাম কৰিব নোৱাৰা হোৱাত পৰিয়ালটোৰ যেন দিন নাযায় ৰাতি নুপুৱায়।

নাগালেণ্ডত চিকিৎসা কৰাই সুফল নোপোৱাত মঙলবাৰে বিশালে বৃদ্ধ মাতৃ, পত্নী সহিতে ডিমাপুৰৰ পৰা ৰেলযোগে অসমলৈ আহে৷ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰিবলৈ আহি বুধবাৰে নিশাটো ডিফু ৰেল ষ্টেছনত কটায়৷

বৃহস্পতিবাৰে বৃদ্ধা মাতৃ অনু গুৰুঙৰ হাতত ধৰি বিশালে ডিফু অসামৰিক চিকিৎসালয় অভিমুখে আহিবলৈ ধৰে৷ ডিফু ৰেল ষ্টেছনৰ পৰা পদপথৰে কিছু দূৰ অহাৰ পাছতে বিশালে খোজকাঢ়িব নোৱাৰা হৈ শুই দিব লগা হয় পদ পথতে৷ পদ পথতে শেষ নিশ্বাস ত্যগ কৰে বিশালে৷ পুত্ৰ শোকত ভাগি পৰা বৃদ্ধ মাতৃৰ বিননি সকলোকে কন্দুৱায়৷

ডিমাপুৰৰ মিতা কলনিৰ পেছাত এগৰাকী মটৰ শ্ৰমিক আৰু হোটেল শ্ৰমিক হিচাপে কাম কৰা বিশালে ধনৰ অভাৱত চিকিৎসা কৰিব পৰা নাছিল৷ বিশালৰ মাতৃ অনুৱে পুত্ৰক সুস্থ কৰিবলৈ লৈ আহি এনে হ'ব বুলি ভাবিবকে পৰা নাছিল৷

পিছত ডিফু আৰক্ষীয়ে বিশালৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়াক চমজাই দিয়ে৷ বিশাল গুৰুং মটৰ শ্ৰমিক বুলি অৱগত হোৱাৰ লগে লগে কাৰ্বি আংলং মটৰ পৰিবহন চালক আৰু শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়, ডিফু আৰক্ষী আৰু ৰাইজে ধন সংগ্ৰ কৰি এম্বুলেন্স ভাড়া কৰি বিশালৰ মৃতদেহ সৎকাৰৰ বাবে ডিমাপুৰলৈ নিয়াৰ ব্যৱস্থা কৰি দিয়ে৷