
newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ‘চবকা সাথ চবকা বিকাশ’ৰ শ্ল’গান দি বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল৷ কিন্তু এইবাৰ এই শ্ল’গানে কাম নিদিব বিজেপিক৷ পুনৰ শাসনৰ গাদী ধৰি ৰাখিব লাগিলে হিন্দুত্বৰ বাহিৰে আন কোনো উপায় নাই বিজেপিৰ হাতত৷ এই কথাকেই যেন কলে বিজেপিৰ জ্যেষ্ঠ নেতা সুব্ৰমনিয়াম স্বামীয়ে৷
সোমবাৰে এখন আলোচনা সবাত অংশ লৈ স্বামীয়ে কয় যে ২০০৪ চনত ভাৰত উদয় শ্ল’গান দি দ্বিতীয়বাৰ চৰকাৰলৈ উভতি আহিব নোৱাৰিলে অটল বিহাৰী বাজপেয়ী৷ সেই সময়ত উন্নয়নৰ কাম-কাজৰ ঢাক-ঢোল কামত নাহিল৷ বাজপেয়ী চৰকাৰৰ সময়ৰ উচিত শিক্ষা লৈ ২০১৯ চনতোঁ লোকসভা নিৰ্বাচনত উন্নয়নৰ পৰিৱৰ্তে হিন্দুত্বৰ ইচ্ছ্যুক লৈ পুনৰ মনোনিবেশ কৰাৰ বাবে বিজেপি নেতৃত্বক পৰামৰ্শ দিছোঁ৷
ইমানে নহয় কেৱল উন্নয়নৰ ইচ্ছ্যুৰে বিজেপিয়ে পুনৰ শাসনৰ গাদী দখল কৰিব নোৱাৰিব বুলিও কয় স্বামীয়ে৷ হিন্দুত্বৰ ওপৰত আস্থা আৰু দুৰ্নীতি মুক্ত ভাৰতৰ প্ৰতিশ্ৰুতিয়ে নিৰ্বাচনী বৈতৰণী পাৰ কৰিব পাৰিব বুলি কৈ কেৱল অৰ্থনৈতিক উন্নয়নৰ পৰা ভোট নাপায় বুলি স্পষ্ট কৰে স্বামীয়ে৷ অটল বিহাৰী চৰকাৰৰ সময়ত ভাৰত উদয় শ্ল’গানেৰে নিৰ্বাচনত নামি পৰিছিল বিজেপিয়ে৷ কিন্তু কোনো কামত নাহিল৷ বিজেপিয়ে হিন্দুত্বৰ প্ৰতি আস্থা আৰু দুৰ্নীতি মুক্ত ভাৰত সন্দৰ্ভত শ্ল’গান দি ২০১৪ চনত ইমান সমূহ আসন লাভ কৰিছিল বুলি স্পষ্ট কৰে স্বামীয়ে৷