newsnextone.com | গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলীত বৃহস্পতিবাৰে পুৱাই এগৰাকী ছাত্ৰ নেতাক তিনিগৰাকী যুৱক আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ছাত্ৰ নেতাজনক ফোন যোগে মাতি তিনিজন যুৱকে বেয়াকৈ মাৰ ধৰ কৰে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলকগঞ্জ আঞ্চলিক সমিতিৰ সভাপতি আবু ছফিয়ানক বৃহস্পতিবাৰে পুৱাৰ ভাগত ফোন যোগে চাৰিআলিলৈ মাতি নিয়ে তিনিজন যুৱকে৷

ছফিয়ানে চাৰিআলিত উপস্থিত হোৱাৰ পিছতে তিনিজন যুৱকে কোনো কথাৰ অৱতাৰণা নকৰাকৈয়ে তিনিজন যিৱকে আমছুৰ কাৰ্যালয়ৰ পিছফালে মাতি নি মাৰঝৰ কৰে৷ ইমানে নহয় এটা সময়ত ডিঙি চেপি হত্যাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ নেতাজনে। পিছত ছফিয়ানে কোনো মতে যুৱক তিনিজনৰ কৱলৰ পৰা মুক্ত হৈ পলায়ন কৰে৷ ঘটনা সন্দৰ্ভত আবু ছফিয়ানে গোলকগঞ্জ আৰক্ষী থানাত আব্দুল মজিদ, মফিজুল সেখ আৰু হামিদুৰ সেখ নামৰ তিনি যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।