
আগমনিঃ ভাৰত-বাংলাদেশ সীমান্তক লৈ হঠাৎ তৎপৰ হৈ পৰিছে ধুবুৰী জিলা প্ৰশাসন। সীমান্তৰ এটি ভিডিঅ' ভাইৰেল হোৱাৰা পিছতে এনেদৰে তৎপৰ হৈ পৰে জিলা প্ৰশাসন।
ভাইৰেল ভিডিঅ'টোত দেখা গৈছে যে, কাইটীয়া তাঁৰৰ বেৰৰ ওপৰত তক্তা লগাই একাংশ লোকে বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ কৰাৰ লগতে মানুহৰো আহ-যাহ কৰাই গৈছে।
বিভিন্ন মাধ্যমত উক্ত ভিডিঅ'টো প্ৰকাশ পোৱাৰ পিছত আজি দিনৰ ১১ বজাত সত্ৰশালৰ ৰামৰাইকুঠীৰ ভাৰত-বাংলাদেশ সীমান্তত আহি উপস্থিত হয় জিলাৰ উপায়ুক্ত ধীৰাজ চৌধুৰী, আৰক্ষী বিষয়া লংনিত তেৰাং আৰু বি এছ এফৰ ৭১ নং বেটলিয়নৰ অধিনায়ক বীৰেন্দ্ৰ দত্ত।
উক্ত স্থানত উপস্থিত হৈ দলটোৱে অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লয়। ইয়াৰ পিছতে ঝাপুচাবাৰী, বিষখোৱা, সোনাহাট, লক্ষীমাৰী, নালিয়া, আদি অঞ্চল পৰ্যবেক্ষণ কৰি গৈ কেদাৰত উপস্থিত হয়।
সমগ্ৰ অঞ্চলৰ পৰিস্থিতিৰ বুজ লৈ উপায়ুক্তই ভাইৰেল হোৱা ভিডিঅ'টো ধুবুৰী জিলাৰ নহয় বুলি দাবী কৰে। উপায়ুক্তগৰাকীয়ে ভিডিঅ'টো অন্য স্থানৰ বুলি মত প্ৰকাশ কৰি একাংশ লোকে সঠিককৈ নজনাকৈয়ে ধুবুৰীৰ বুলি প্ৰচাৰ কৰাত আক্ষেপ প্ৰকাশ কৰে।