
খাৰুপেটীয়াঃ ধূলাত চেপা উত্তেজনা অব্যাহত আছে৷ সান্ধ্য আইনৰ বাবে আৰু আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে তহল দি থকাত মানুহে ঘৰৰ পৰা বাহিৰলৈ আহিবলৈ সাহস কৰা নাই৷ দৰং জিলাৰ ধূলাত আৰক্ষীৰ জিম্মাত এগৰাকী আচামীৰ মৃত্যুৰ প্ৰতিবাদ কৰিব আহি আন এগৰাকী লোক আৰক্ষীৰ গুলীত নিহত হোৱাৰ ঘটনাৰ উত্তেজনাই আজিওঁ শাম কটা নাই৷
দুগৰাকী লোকৰ মৃত্যু তথা আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পিছৰে পৰা চেপা উত্তেজনা অব্যাহত আছে ধূলাত৷ আনহাতে বুধবাৰে নিশা ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা সমস্ত কাণ্ডৰ অভিযুক্ত আৰক্ষী বিষয়া ৰঞ্জিৎ হাজৰিকাক আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই মাৰাথান জেৰা চলাই৷ হাচান আলী নামৰ আচামীগৰাকীক বেয়াকৈ প্ৰহাৰ কৰি হত্যা কৰা বুলি আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ৰাইজে প্ৰতিবাদ কৰিবলৈ ওলাই অহাত লংকাকাণ্ড সংঘটিত হৈছিল৷
বুধবাৰে নিশা আৰক্ষী বিষয়াক ৰঞ্জিতক গ্ৰেপ্তাৰ কৰি জেৰা কৰে আৰক্ষীয়ে। বৃহস্পতিবাৰে আদালতত হাজিৰ কৰিব ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিতক৷ আনহাতে বুধবাৰে দুপৰীয়াৰ পৰা জিলা প্ৰশাসনে সমগ্ৰ ধূলা এলেকাৰ সান্ধ্য আইন জাৰি কৰে৷ বৰ্তমানেও ধূলাত দোকান, পোহাৰ বন্ধ আছে৷ আনহাতে বিজেপি চৰকাৰ অহাৰ পিছতে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বৃদ্ধি হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দৰং জিলাৰ ধূলা থানাৰ ঘটনা সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰা দেখা যায়৷
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৃহস্পতিবাৰে ধূলা ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লব ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। ৰাইজৰ সৈতে মুখামখী নহৈ ধূলা থানালৈ যাব বুলি জানিব পৰা গৈছে মন্ত্ৰীগৰাকীয়ে৷ ঘটনাৰ তদন্ত কৰাৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে। মুখ্যমন্ত্ৰীয়ে ঘটনাৰ তদন্ত কৰাৰ নিৰ্দেশ দিয়ে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুক৷ স্মৰ্তব্য যে, দৰং জিলৰ ধূলাত বুধবাৰে আৰক্ষীৰ গুলীত এগৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল৷
আৰক্ষীয়ে শূণ্যত গুলী ফুটাই প্ৰতিবাদকাৰীক খেদাৰ চেষ্টা কৰাৰ সময়তে মহিদুল ইছলাম নামৰ এজন প্ৰতিবাদকাৰৰী দেহত গুলী লাগি মৃত্যু হয়। আনহাতে প্ৰতিবাদৰাকীয়ে শিলাবৰ্ষণ কৰাত দৰং জিলাৰ আৰক্ষীৰ শীৰ্ষ বিষয়া দেৱাজ্ঞন শৰ্মা, চন্দন গোস্বামী, ধ্ৰুৱ বৈশ্য গুৰুতৰ ভাৱে আহত হয়। প্ৰায় ৮ ঘন্টা ধৰি উত্তেজনাৰ সৃষ্টি হৈছিল ধূলাত বুধবাৰে৷ সেই উত্তজনা শাম কটা নাই নাছিল৷ ৰাজ পথ আৰু ধূলা আৰক্ষী থানা ঘেৰাও কৰি হাজাৰ হাজাৰ উত্তেজিত লোকক খেদিবলৈ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে লাঠিচলানা কৰাৰ লগতে শূণ্যত গুলী ফুটুৱাৰ ফলত হাজাৰ লোক ছত্ৰ ভংগ দিবলৈ বাধ্য হয়।
পুৱাৰে পৰা উত্তেজনাই বিৰাজ কৰা ধূলাত বহু পলমকৈ অৰ্ধসামৰিক বাহিনী মোতায়ান কৰে প্ৰশাসনে৷ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে লাঠিচালনা কৰাৰ লগতে শূণ্যলৈ গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই যদিও এগৰাকী লোক থিতাতে নিহত হোৱাৰ লগতে বহু লোক আহত হয়৷ ৰাজপথ অৱৰোধ, ধূলা থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা হাজাৰ হাজাৰ লোকক বুজনি দি আঁতৰাবলৈ সক্ষম নোহোৱাত আৰক্ষীয়ে ৰুদ্ৰ মূৰ্তি ধৰে আৰক্ষীয়ে৷ শূণ্যলৈ গুলীচালনা কৰে নিৰাপত্তাৰক্ষীয়ে।
আনহাতে আহত হয় গোলাম ইস্তামা, গুলেৰ ৰেহেনা, গোলাপ মূস্তাফা সহ বহু প্ৰতিবাদকাৰী। হাচান আলী নামৰ এগৰাকী আচামীৰ মৃত্যুক কেন্দ্ৰ কৰি বুধবাৰে পুৱাৰে পৰা হাজাৰ হাজাৰ লোক ওলাই আহিছিল ৰাজ পথলৈ৷ ৰাজপথত টায়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দোষী আৰক্ষী বিষয়াক উপযুক্ত শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছিল৷ মঙলবাৰে নিশা শ্ৰমিক হিচাপে কাম কৰা হাচান আলী নামৰ যুৱকজনে কাম কৰি ঘৰলৈ অহাৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল৷
আৰক্ষীয়ে আটক কৰি বেয়াকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয়৷ কেৱ ইমানে নহয় আৰক্ষীয়ে লোকজনক পানীত তিয়াই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয়৷ তাৰ পিছতে নিশাই যুৱকজনৰ মৃত্যু হয়৷ ফলত নিশাৰে পৰা উত্তেজনাই বিৰাজ কৰি থকা ধূলাত পুৱাই হাজাৰ হাজাৰ লোক ৰাজ পথলৈ ওলাই আহে৷ ৰাজ পথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ লগতে ধূলা থানা ঘেৰাওঁ কৰে৷ আমছুৰ নেতৃত্বত হাজাৰ হাজাৰ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি দোষী বিষয়াক শাস্তি দিয়াৰ দাবী জনায়। ৰাজ পথ অৱৰোধ, ধূলা থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত শ-শ যান-বাহন পথত ৰৈ থাকিব লগা হৈছিল৷