
newsnextone.com | চিচিবৰগাঁওঃ দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত ধেমাজি চহৰৰ ৰাজহুৱা পেক্ষাগৃহত এখন নাগৰিক সভা অনুষ্ঠিত হয়৷
নাগৰিত সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ আৰু ভাৰত বাংলাদেশ সীমান্ত শীঘ্ৰে ছীল কৰাৰ দাবীত ৰ দাবীত অনুষ্ঠিত হয়৷ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ আহ্বানত প্ৰায় ২০০গৰাকী জ্যেষ্ঠ নাগৰিকে অংশ লয় নাগৰিক সভাত৷
ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি ভাগ্যবান দলেৰ সভাপতিত্বত অনুষ্ঠিত সভাত সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি চিত্তৰঞ্জন বসুমতাৰী উপস্থিত থাকি সকলো জাতীয়-জনগোষ্ঠীয় দল-সংগঠনক লগতে বিশিষ্ট নাগৰিকসকলক এনে সন্ধিক্ষণত একত্ৰিত হৈ তাম কৰিবলৈ আহ্বান জনায়৷
সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক দেৱজিত দাস, ধেমাজি জিলা সমিতিৰ সভাপতি সাধাৰণ সম্পাদক প্ৰিয়াংকু প্ৰতীম চুতীয়া, বিষ্ণু শৰ্মা, সদৌ চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি গিৰীণ চুতীয়া, টি এম পি কেৰ নেতা পদ্মলোচন দলে, অনুসূচীত জাতি ছাত্ৰ সন্থা, মেচ কছাৰী ছাত্ৰ সন্থা, ধেমাজি মহাবিদ্যায়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ্য ড০ বুদ্ধীন্দ্ৰ বৰুৱা, ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড০ শংকৰ পাটোৱাৰী, মুহি বৰগোহাঁই আদিয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনায়৷
উল্লেখ্য যে, অহা ২৩ জুলাইত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জাতীয় জনগোষ্ঠীয় দল-সংগঠনৰ সহযোগত প্ৰায় ১ এক লাখ জনসাধাৰণৰ উপস্থিতিত গণ হত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে।