
ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ চাবুৱা আৰক্ষী থানাৰ অন্তৰ্গত জেৰাই গাঁৱত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ মৃত্যু হয়৷ জানিব পৰা মতে, পথৰ দাতিৰে চাইকেলেৰে কল কঢ়িয়াই নি থকাৰ সময়তে পৰিবহন নিগমৰ যাত্ৰীবাহী বাছে খুন্দা মাৰে লোকজনক।
ফলত গুৰুতৰ ভাবে আহত হয় বিশমাইলৰ চুঙ্গিচুক গাঁৱৰ ফণিধৰ গগৈ ওৰফে ফিলন নামৰ লোকজন৷ ততাতৈয়াকৈ একাংশ লোকেজনক কাঁজিখোৱাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে।
গাঁৱে গাঁৱে কল বিচাৰি চাইকেলত কঢ়িয়াই চাবুৱা দৈনিক বজাৰত বিক্ৰি কৰি পৰিয়াল পোহপাল দিছিল তেও৷ ব্যক্তিজনৰ মৃতদেহ মৰণোত্ত পৰীক্ষাৰ পিছত স্বগৃহলৈ অনা হয়। ঘটনা সংঘটিত কৰি পলায়ণ কৰা বাছ খনক বিশমাইলৰ স্থানীয় ৰাইজে আৱদ্ধ কৰিবলৈ সক্ষম হয়৷