
ডিব্ৰুগড়ঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ত চলিত বৰ্ষৰ জানুৱাৰী মাহত পৰা এতিয়ালৈ ২০টাকৈ ধৰ্ষণৰ গোচৰ ৰুজু হৈছে৷ তাৰ লগে লগে চলিত এপ্ৰিলত মাহত জিলাখনত সংঘটিত ২টা লজ্জাজনক কাণ্ডই জিলাখনৰ নিৰাপত্তা ব্যৱস্থাক লৈ বাৰুকৈয়ে প্ৰশ্ন উত্থাপন হৈছে৷
আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে গিজগিজাই থকা জিলা খনত উচ্চ হাৰত ধৰ্ষণ কাণ্ড বিশেষকৈ শিশু কন্যা যৌন নিৰ্যাতনৰ স্বীকাৰ হোৱাত চিন্তিত হৈ পৰিছে সচেতন মহল৷
বিশেষকৈ যোৱা ১ আৰু ২ এপ্ৰিলত ডিব্ৰুগড় জিলাত সংঘটিত দুটা ঘটনাই কঁপাই গৈছে জিলা খনক৷ যোৱা ১ এপ্ৰলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ৰ সদৰ চহৰৰ সমীপৰ লক্ষ্মীনগৰত এটি প্ৰায় ৫ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷
লক্ষ্মীনগৰৰ এটি পৰিয়ালত যোৱা কিছুদিন ধৰি বাহৰ পাতি থকা গোৱালপাৰা জিলাৰ পকা মিস্ত্ৰীৰ দল এটাৰ মাজৰ ৰবিউল ইছলাম নামৰ পকা মিস্ত্ৰীজনে এই কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ ২২ বছৰীয়া ৰবিউল ইছলামক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷
যোৱা ০১ এপ্ৰিলৰ দিনৰ প্ৰায় ১১ বজাত যৌন নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হোৱাৰ প্ৰায় ১৫ ঘণ্টাৰ মূৰকত জিলাখনত আন এগৰাকী কন্যা শিশুক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷
ডিব্ৰুগড় জিলাৰ মৰাণৰ তিলৈনগৰৰ বঙালী গাঁৱৰ ৫ বছৰীয়া কন্যা শিশুক অপৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ জানিব পৰা মতে, মৰাণৰ তিলৈনগৰৰ নিজ ঘৰৰ পৰা অপহৰণ কৰাৰ সন্দেহ কৰিছিল কন্যা শিশুটোৰ পৰিয়ালে৷
তাৰ পাছতেই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে পৰিয়ালে৷ শিশুটোক উদ্ধাৰৰ বাবে আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছিল যদিও অপহৰণ কৰি নিয়া শিশুটোক অপহৰণ কাণ্ড সংঘটিত হোৱাৰ প্ৰায় ৫ দিন পাছত তিলৈ নৈত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হৈছিল।
৫ বছৰীয়া কন্যা শিশুটোক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে আৰক্ষীয়ে কন্যা শিশুটোক উদ্ধাৰত চৰম ভাবে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি ফুকনক নিলম্বন কৰাৰ দাবী উত্থাপন হৈছিল৷
কন্যাশিশুটোক বঙালী গাঁৱৰে ৰাজেন মাৰ্দিয়ে অপহৰণ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতো আৰক্ষীয়ে শিশুটোৰ শুংসুত্ৰ উদ্ধাৰ কৰিব নোৱাৰিলে৷ মৃতদেহ উদ্ধাৰৰ পাছতো আৰক্ষীয়ে হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হোৱা ৰাজেন মাৰ্দিক আটক কৰিব নোৱাৰিলে৷
ফলত অসম আৰক্ষীয়ে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি ফুকনক চাকৰিৰ পৰা নিলম্বন কৰা বুলি জানিব পৰা যায়৷ ৰাইজে নাৰী-শিশুক সুৰক্ষা দিব নোৱাৰ কাৰ্যক ধিক্কাৰ দি আৰক্ষী বিষয়াক নিলম্বন কৰা কাৰ্যক ব্যৰ্থতা ঢকাৰ প্ৰয়াস বুলি কয়৷