
ডিব্ৰুগড়ঃ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ইন্দ্ৰেশ্বৰ খাউণ্ডৰ দেহাৱসান হয় বৃহস্পতিবাৰে সন্ধিয়া ৮ বজাত। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয়ে ১০২ বছৰ বয়সত ডিব্ৰুগড় নালিয়াপুলস্থিত নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে।
১৯১৮ চনৰ ২৭ নৱেম্বৰত চাবুৱাৰ চেতিয়াপথাৰ গাঁৱত জন্মগ্ৰহণ কৰা ইন্দ্ৰেশ্বৰ খাউণ্ডেই হৈছে অসমৰ ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ প্ৰথমজন বিধায়ক তথা কেবিনেট মন্ত্ৰী। তদুপৰি মটক জনগোষ্ঠীটোৰ প্ৰথমগৰাকী স্নাতক হোৱাৰ লগতে প্ৰথমজন অধিবক্তা আছিল প্ৰাক্তন মন্ত্ৰী ইন্দ্ৰেশ্বৰ খাউণ্ড।
বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীয়ে জীৱিত কালত মায়ামৰা বৈষ্ণৱ ধৰ্মত শৰণ লৈ অনিৰুদ্ধদেৱৰ ৰচিত 'ভক্তিমংগল ঘোষা'ৰ অৰ্থ ভাঙনি কৰি এখন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। তেখেতৰ মৃত্যুত চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, অ গ পৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি পুনাকণ বৰুৱা, মটক যুৱ ছাত্ৰ সন্মিলনৰ সহকাৰী সম্পাদক দেৱৰ্ষি চেতিয়া, মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱা, আমছুৰ সহকাৰী সম্পাদক চফি আলম খান, বৃহত্তৰ গণ সন্মিলনৰ সহকাৰী সম্পাদক শৰৎ হাজৰিকা, অসম সংগ্ৰামী ঐক্য মঞ্চৰ সহকাৰী সম্পাদক প্ৰাঞ্জল গগৈ, লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি দীপজয় শইকীয়া, সাধাৰণ সম্পাদক ধৰণী গগৈ, সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়াৰ লগতে চাবুৱা মিডিয়া ফ'ৰামৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি লাহনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায়৷