গুৱাহাটীঃ লোকসভা, বিধান সভাৰ পাছতে পঞ্চায়ত নিৰ্বাচনতৰ ইস্তাহাৰতো মিথ্যাচাৰ আশ্ৰয় লৈ ক্ষমতা দখল কৰাৰ অংকত ব্যস্ত হৈ পৰিছে শাসকীয় দল বি জে পি। শুকুৰবাৰে এক সংবাদ মেল যোগে এই অভিযোগ কৰে দিব্যাংগ সংগঠনসমূহৰ আহ্বায়ক ৰাতুল বৰ্মনে।

দিবাংগসকৰ ধাৰাবাহিক আন্দোলৰ পাছত ২০১৭ চনত কেবিনেটত সিদ্ধান্ত  হৈছিল যে দিব্যাংগসকলৰ মাহেকীয়া ভাট্টা ৫০০ ৰপৰা ১০০০ বৃদ্ধি কৰা হ'ব। আৰু ইতিমধ্যে বি জে পিয়ে নিৰ্বাচনৰ ইস্তাহাৰ পত্ৰৰ ( দফা নং২৫)ত দিব্যাংগসকলক প্ৰতি মাহে ১০০০ টকা দিয়াৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে।

কিন্ত আচৰিত কথা যে আজি পৰ্যন্ত ৰাজ্যৰ এজনো দিব্যাংগয়ো ইয়াৰে এটকাও লাভ কৰা নাই। দিব্যাংগক লৈ চৰকাৰৰ মিথ্যাচাৰ আৰু প্ৰৱঞ্চনাৰ ৰাজনীতি ইমানতে অন্ত পৰা নাই । ২০১৭ চনৰ অক্টোবৰ মাহতে সেই সময়ৰ সমাজ কল্যান মন্ত্ৰী নৱ কুমাৰ দলে সভাপতিত্বত হোৱা আলোচনা মৰ্মে  এখন বাছনি সমিতি গঠন কৰি লগতে প্ৰতিবন্ধী বাছনি পৰীক্ষা এটা চেন্ট্ৰেলাইজিং এজেন্সিৰদ্বাৰ মুঠ ৪৪১৯ জন প্ৰাৰ্থীক নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল।

চলিত বৰ্ষৰ 2 অক্টোবৰৰ পূৰ্বে নিযুক্তি দিয়া হ'ব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজিলৈ প্ৰতিশ্ৰুতিসমূহ ভেঁকো ভাওনাত পৰিণত হ'ল। ইয়াৰ পাছতে চৰাকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে দিব্যাংগ সংগঠনসমূহে পুনৰ প্ৰতিবাদ আৰম্ভ কৰে।

কিন্তু অগন্তক পঞ্চায়ত নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে কালি ২৯ নৱেম্বৰ  তাৰিখে সামাজ কল্যানৰ মন্ত্ৰী তথা মূখ্য সচিব, সঞ্চালৰে দিবাংগসকলৰ সভা অনুষ্ঠিত কৰি পুনৰ প্ৰতিশ্ৰুতিৰ পাহাৰ নিৰ্মাণ কৰে। কিন্তু আচৰিত কথা চৰকাৰে পূৰ্বে নিজে  দিয়া প্ৰতিশ্ৰুতি ভংগ কৰি  ৪৪১৯ টা পদৰ সংখ্যা হ্ৰাস কৰি মাত্ৰ ৬৪০ টা পদহে পূৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ইয়াৰ বাবে অহা ২০ ডিচেম্বৰৰ ভিতৰত চাকৰিৰ বিজ্ঞাপন প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।