
জোনাইঃ ব্ৰহ্মপুত্ৰ তথা চিয়াং নদীৰ ঘোলা পানী খাই মৃত্যু হৈছে জীৱ-জন্তুৰ৷ কেইবাটাও গৰু পানী খাবলৈ গৈ মৃত্যু হোৱাত চিন্তিত হৈ পৰিছে অৰুণাচল প্ৰদেশৰ লগতে অসমৰ হাজাৰ হাজাৰ লোকে৷ যোৱা কেইবাটাও বছৰ ধৰি ব্ৰহ্মপুত্ৰ তথা চিয়াং নদীৰ সোঁত সলনি কৰিবলৈ চক্ৰান্ত অব্যাহত ৰাখিছে ৰঙা চীনে৷ ব্ৰহ্মপুত্ৰ তথা চিয়াং নদীক ভেটা দিবলৈ চেষ্টা অব্যাহত ৰখা বুলি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চা অব্যাহত আছে৷ বৃহৎ সুৰংগ নিৰ্মাণ কৰি চিয়াং নদীৰ পানী সংৰক্ষণেৰে চীনে মৰুভূমি জীপাল কৰাৰ আঁচনি লোৱাৰ কথা সময়ে সময়ে সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকাৰ সময়তে চিয়াং নৈচ চিমেন্ট মিহলি পানীৰ সোঁত বোৱাত চিন্তিত হৈ পৰিছে অৰুণাচল প্ৰদেশ আৰু অসমৰ দল-সংগঠন৷
তাৰ মাজতে অৰুণাচলৰ সাংসদ নিনং ইৰিঙে চীনৰ চৰকাৰৰ বিৰুদ্ধে পুনৰ ক্ষোভিত হৈ পৰে৷ সাংসদ নিনং ইৰিঙে গুৰুতৰ অভিযোগ উত্থাপন কৰি চীনা চৰকাৰে সুৰংগ নিৰ্মাণ কৰি চিয়াং নদীৰ সোতক অন্য দিশলৈ ঢাল খুৱাইছে বুলি কয়৷ যোৱা দুমাহমান ধৰি চিয়াংৰ বুকুৰে চিমেণ্ট মিশ্ৰিত ঘোলা পানী বৈ অহাত নদীটোৰ পানী প্ৰদূষিত হোৱা বুলি সাংসদজনে অভিযোগ উত্থাপন কৰে৷ বিষয়টো দিল্লীৰ দৃষ্টিগোচৰ কৰিবৰ বাবে তেওঁ প্ৰধান মন্ত্ৰীলৈ পত্ৰ লিখাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰিব বুলি সোমবাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে৷ দিল্লীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে উত্তৰ পূৱৰ বিভিন্ন দল-সংগঠনক লৈ চীনা দূতাৱাসৰ সন্মুখত আন্দোলন কৰিব বুলি ভাবুকি প্ৰদান কৰে সাসংদ ইৰিঙে দিয়ে৷
বিগত দুমাহ ধৰি ব্ৰহ্মপুত্ৰ নদীৰ উৎস চিয়াং নদীত চিমেণ্ট মিশ্ৰিত ঘোলা পানী প্ৰবাহিত হোৱাৰ ফলত অৰুণাচলৰ পূৱ চিয়াং জিলাৰ উপকণ্ঠ অঞ্চলত বসবাস কৰা লোকৰ লগতে বিভিন্ন জীৱ-জন্তু আৰু মাছ-কাছ ম'হৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে৷ চিয়াংৰ নামনি অঞ্চলৰ জোনাইৰ চিয়াং আৰু লালী নদীৰ দুয়োপাৰৰ অঞ্চলসমূহৰ গৰু মহে দূষিত পানী খাই বিভিন্ন বেমাৰত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে৷ আনকি পাছিঘাটত থকা জলবোৰ্ডত এই দূষিত পানীৰ নমুনা পৰীক্ষা কৰাত চিয়াংৰ পানীত বিষাক্ত এন টি ইউৰ পৰিমাণ ৪২৫ থকা বুলি প্ৰাথমিক প্ৰতিবেদনত প্ৰকাশ কৰিছে৷ পানীত বিষাক্ত এন টি ইউৰ পৰিমাণ ৪২৫ থকা মানে জীব-জন্তুৰ লগতে মানুহৰ বাবেও বিপজ্জনক৷ সেয়েহে এই বিষয়ে আৰু অধিক পৰীক্ষা কৰিবলৈ পানীৰ নমুনা ৰাজধানী ইটানগৰলৈ প্ৰেৰণ কৰা হৈছে৷
চিয়াং তথা ব্ৰহ্মপুত্ৰত চিমেন্ট মিহলি পানীৰ সোঁত বোৱাত চিন্তিত হৈ পৰিছে ৰাজ্যৰ দল-সংগঠন৷ চুবুৰীয়া দেশ চীনে বহ্মপুত্ৰ নদীৰ পানীক প্ৰায় ১০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগৰ জড়িয়তে জিংজিয়াল প্ৰান্তলৈ নিয়াৰ অভিযোগ উত্থাপন কৰে পূৱ অৰুণাচলৰ সাংসদ নিনং ইৰিংঙে। অৰুণাচলৰ সাংসদ নিনং ইৰিংঙে যোৱা কেইবাটাও মাহৰ পৰা অৰুণাচলৰ চিয়াং নদীৰ পানীত চিমেন্ট মিশ্ৰিত, ব্ৰহ্মপুত্ৰ নৈৰ পানী প্ৰদূষিত হৈ থকা দেখা পোৱা গৈছে বুলি কয়। ব্ৰহ্মপুত্ৰ তথা চিয়াঙৰ অধিক হাৰত পানী শুকাই যোৱাৰ লগতে পানী অধিক মাত্ৰাত ঘোলা হোৱা পৰিলক্ষিত হৈছে।
পানীৰ বৰণ সলনি হৈ কলা আৰু নীলা হৈ পৰে দেখা গৈছে৷ অৰুণাচল প্ৰদেশৰ সাংসদগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তদন্ত দাবী কৰি পত্ৰ প্ৰেৰণ কৰে৷ সাংসদগৰাকীয়ে চিয়াং নদীত চিমেন্ট মিশ্ৰিত পানীৰ প্ৰভাৱত ইয়াৰ মাছৰ লগতে শিহু অন্য জীৱ জন্তু নাইকীয়া হ’ব। চিয়াং নদীৰ পাৰত মাছমৰীয়া ভিৰ লাগিছিল কিন্তুু এতিয়া এই পৰিবেশ একেবাৰে নাইকিয়া হৈছে। সংসদত প্ৰশ্ন উত্থাপন কৰিবৰ বাবে সাজু হোৱা বুলিও কয় সাংসদগৰাকীয়ে। যদি চুবুৰীয়া দেশ চীনে নদীৰ পানীৰ সুৰংগৰ জৰিয়তে জিনজিয়াল প্ৰান্তলৈ নিয়ে তেন্তে আগন্তুক দিনত ভাৰতৰ লগতে অসমৰ, বাংলাদেশ ব্যাপক প্ৰভাৱ পৰিব। বাংলাদেশৰ বহু হাজাৰ মানুহে চিয়াং নদীৰ ওপৰত নিৰ্ভৰশীল৷