01
Sep
2017

জোনাইঃ আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা এটা খেল৷ যিটো খেলে মানসিক সন্তোলন নষ্ট কৰি পেলায় আৰু যিকোনো এজনক আত্মহত্যা কৰিবলৈ বাধ্য কৰি তোলে৷ বৰ্তমান সময়ত ভাইৰাচৰ দৰে বাঢ়ি অহা এই খেল বিধেই হৈছে ব্লু-হোৱেল৷
সমগ্ৰ বিশ্বত কিশোৰ আৰু যুৱকক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা মৃত্যুৰ খেল ব্লু-হোৱেলৰ চিকাৰ হ’ল এইবাৰ জোনাইৰ যুৱক৷ তামিলনাডুৰ কানেশ্বৰী বিশ্ববিদ্যালয়ৰ BBAৰ ছাত্ৰ শশী কান্ত বড়ি নামৰ ২৩ বছৰীয়া যুৱকজনৰ বৃহস্পতিবাৰে নিশা মৃত্যু ঘটে৷
জোনাই আগাম দলুঙৰ নিৱাসী ৰাম বড়ি আৰু ব্লো দে বড়িৰ কনিষ্ঠ সন্তান শশীৰ নিশা কেৰেলাৰ তামিলনাডুত মৃত্যু হয়। মৃত্যুৰ কাৰণ মৃত্যুদূত ৰূপী ব্লু-হোৱেল নামৰ গেমটো বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছে৷