কলিয়াবৰঃ নগাঁও জিলাৰ কলিয়াবৰত সলিল সমাধি ঘটিল এজন যুৱকৰ৷ নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিৰ হাটবৰৰ সমীপৰ বাসুদেৱবাৰী গাঁৱত সংঘটিত হয় এই শোকাবহ ঘটনা। ঘৰৰ ওচৰৰ পুখুৰীত জলকেলি কৰোঁতে দুই বন্ধু পানীত ডুব যায়৷

 স্থানীয়লোকে ততাতৈয়াকৈ উদ্ধাৰ কৰি জখলাবন্ধা গ্ৰাম্য চিকিৎস্যালয়লৈ নিয়ে যদিও চিকিৎসালয়তে মৃত্যু হয় ভাৰত তামুলীৰ ১৮ বছৰীয়া পুত্ৰ কৌশিক তামুলী নামৰ যুৱকজনৰ।

আনহাতে একেলগে পানীত ডুব যোৱা মঞ্জিত তামুলী নামৰ যুৱকজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়৷ এজন সুঠাম সুশ্ৰী যুৱকৰ পানীত পৰি সলিল সমাধি ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰে৷