06
Feb
2019

বৰপেটাঃ বৰপেটা চহৰৰ চেহেৰী ক্লাবত মঙলবাৰে দিনৰ ১ বজাত আয়োজিত এক সভাত বৰপেটা জিলাৰ বিভিন্ন স্থানৰপৰা অহা ডিজিটেল মিডিয়াৰ লগত জড়িত সাংবাদিক সকল মিলিত হয়।
উক্ত সভাত সভাপতিত্ব কৰে সাংবাদিক পুলেন্দ্ৰ দাসে। সভাৰ উদ্দেশ্য বাখ্যা কৰে সাংবাদিক হিল্লোল জ্যোতি সৰকাৰে। সভাৰ মূখ্য অতিথিৰূপে আসন গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসে বৰ্তমান যুগত ডিজিটেল সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰে।
লগতে কৰ্মক্ষেত্ৰত ডিজিটেল মাধ্যমৰ সাংবাদিকসকলে সম্মুখীন হোৱা সমস্যাসমূহ দাঙি ধৰে। সভাত সৰ্বসন্মতিক্ৰমে হিল্লোল জ্যোতি তালুকদাৰক সম্পাদক, জয়ন্ত কুমাৰ দাসক সভাপতি, পুলেন্দ্ৰ দাসক কাৰ্যকৰী সভাপতি হিচাপে লৈ সদৌ অসম ডিজিটেল সাংবাদিক সংস্থা (আডজা)ৰ বৰপেটা জিলা সমিতি গঠন কৰা হয়।