25
Dec
2018

ডিমাকুছিঃ ওদালগুৰি জিলাৰ হৰিশিঙা থানাৰ অন্তৰ্গত ৩নং লিচিং গাঁৱৰ ছাত্ৰ এজন সন্ধানহীন হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে লিচিংগাঁৱৰ ভোজ বাহাদুৰ সোনাৰী আৰু ফুলমায়া সোনাৰীৰ একমাত্ৰ পুত্ৰ তথা বড়িগাঁও জি আৰ কে ইংলিছ স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ইন্দ্ৰ বাহাদুৰ সোনাৰী (১৬) যোৱা কেইদিনৰপৰা নিৰুদ্দেশ হৈ আছে৷
বিদ্যালয়ত পৰীক্ষাৰ ফলাফল আনিবলৈ যোৱা ছাত্ৰৰ সন্ধানহীনৰ ঘটনাই পৰিয়ালত এতিয়া হাহাকাৰ বিৰাজ কৰিছে৷ কতো শুংসূত্ৰ ওলোৱা নাই এতিয়ালৈকে ছাত্ৰৰ৷
কোনো দুষ্ট চক্ৰৰ লোকে ছাত্ৰজনক বহিঃৰাজ্যলৈ লৈ যোৱাৰ সন্দেহ কৰা হৈছে৷ বিভিন্ন প্ৰান্তত নিখোজ পুত্ৰৰ সন্ধান কৰি অৱশেষত উপায়হীন হৈ সংবাদ মাধ্যমৰ কাষ চাপে পৰিয়াল৷ কোনো লোকে ইন্দ্ৰ বাহাদুৰ সম্ভেদ পালে হৰিশিঙা থানাত অথবা পৰিয়ালৰ লগত যোগাযোগ কৰি দিবলৈ পিতৃমাতৃয়ে কাতৰ অনুৰোধ জনাইছে৷