26
Dec
2018

ডিমাকুছিঃ ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত ১নং টোটলাপাৰাৰ ছাত্ৰ এজন সন্ধানহীন হোৱাৰ ঘটনাই সমগ্ৰ ডিমাকুছিত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, টোটলাপাৰাৰ অঞ্চলৰ মল্লৰাম বড়োৰ একমাত্ৰ পুত্ৰ তথা টংলা থেমছ ইংৰাজী স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ ৰিংশ্ৰাং বড়ো যোৱা ২৪ডিচেম্বৰৰপৰা নিৰুদ্দেশ হৈ আছে৷
পৰিয়ালে জানিবলৈ দিয়া মতে ঘৰত কোনো নথকা অৱস্থাত ছাত্ৰজন সন্ধানহীন হৈ পৰে৷ পৰিয়ালে বিভিন্ন স্থানত নিৰুদ্দিষ্ট পুত্ৰৰ সন্ধান কৰে যদিও একো শুংসূত্ৰ নোলাল৷
উপায়হীন হৈ নিৰুদ্দিষ্ট পুত্ৰৰ সন্ধান বিচাৰি বুধবাৰে ডিমাকুছি আৰক্ষীৰ কাষ চাপিছে নিৰুদ্দিষ্ট ছাত্ৰৰ পিতৃ-মাতৃয়ে৷