
ডিজিটেল ডেস্কঃ ৰাজ্যসভাত শাসক-বিৰোধীৰ হৈ-হাল্লাৰ বাবে নৈশ ভোজ বাতিল কৰিলে ৰাজ্য সভাৰ সভাপতি তথা উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে৷ যোৱা ৫ মাৰ্চত সদনত তীব্ৰ হৈ-হাল্লাৰ সময়ত জাৰি কৰা গতিৰোধক সাংসদে অমান্য কৰাৰ ফলত সাংসদৰ বাবে আয়োজন কৰা নৈশ ভোজ বাতিল কৰে উপ-ৰাষ্ট্ৰপতিয়ে৷
ৰাষ্ট্ৰীয় সংবাম মাধ্যমত প্ৰকাশ পোৱা খবৰ মতে, নৈশ ভোজৰ বাবে আমন্ত্ৰণি পত্ৰ বিতৰণৰ লগতে সকলো সাজু কৰিছিল আৰু ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, শাসকীয় দলৰ নেতা, নেতা বিৰোধী আৰু উচ্চ সদনৰ বিভিন্ন লোকক এই খবৰ দিয়া হৈছিল৷
খবৰ মতে, মঙলবাৰে সদনত চলিব বুলি আশা কৰা হৈছিল যদিও বিভিন্ন দলৰ সাংসদে হৈ-হাল্লা কৰাৰ ফলত সদন স্থগিত ৰাখিব লগা হয়৷ তাৰ বাবেই নৈশ ভোজ বাতিল কৰে৷ মঙলবাৰে সকলো দলৰ নেতাৰ উপস্থিতিত সভাপতিৰ কাৰ্যালয়ত বৈঠক অনুষ্ঠিত কৰি শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি এই কথা অৱগত কৰে৷ নাইডুৰ মতে যোৱা এসপ্তাহ ধৰি সদৰ কাম-কাজ চলা নাই৷ তাৰ মাজতে নৈশ ভোজ আয়োজন কৰা উচিত নহয়৷